NORTHEAST NOW (Assamese)
অসম

ধুবুৰীক মিনি বাংলাদেশ আখ্যা বিজেপিৰ সাংসদ সুধাংশু ত্রিবেদীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2025 9:00 am

বিজেপিৰ সাংসদ সুধাংশু ত্রিবেদীয়ে ৰাজ্যসভাত অসমৰ ধুবুৰী জিলাক “মিনি বাংলাদেশ” আখ্যা দিয়াৰ পাছতে ৰাজ্যসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ভুৱা ভোটাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ক লৈ উদ্বেগ প্ৰকাশ কৰি সাংসদ গৰাকীয়ে এই মন্তব্য প্ৰদান কৰিছে।

ভুৱা ভোটাৰ  বিষয়টোক এন আৰ চিৰ সৈতে সংযোগ কৰি ত্ৰিবেদীয়ে কয় যে অবৈধ অনুপ্ৰৱেশকাৰীৰ উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হৈ বিৰোধী দলসমূহে এন আৰ চিক সমৰ্থন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে।

শেহতীয়াকৈ ধুবুৰীৰ পৰা ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ বিপুল ভোটত বিজয়ী হোৱাৰ কথা উদ্ধৃতি দি তেওঁ অভিযোগ কৰে যে এই প্ৰব্ৰজনকাৰীসকলৰ দ্বাৰা নিৰ্বাচনী প্ৰভাৱ ৰক্ষাৰ বাবেএ ন আৰ চি কাৰ্যকৰী কৰিবলৈ ইচ্ছুক হোৱা নাই।

এই মন্তব্যই পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে সাংসদগৰাকী। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে  সাংসদগৰাকীৰ বক্তব্যত উদ্বেগ প্ৰাকেশ কৰি ইয়াক ভাৰতৰ নিৰাপত্তাৰ বাবে বিপজ্জনক বুলি অভিহিত কৰিছে।

বিতৰ্কৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ধুবুৰী গোৱালপাৰা জিলাৰ অংশ, পৰম্পৰাগতভাৱে ভাৰতৰ সৈতে গভীৰ সম্পৰ্ক থকা বড়ো আৰু কোচ-ৰাজবংশী জনজাতিৰ দৰে খিলঞ্জীয়া জনগোষ্ঠীৰ বসতি। অনুপ্ৰৱেশৰ বাবে জনগাঁথনিগত পৰিৱৰ্তনক লৈ শৰ্মাই উদ্বেগ প্ৰকাশ কৰে যদিও খিলঞ্জীয়া জনসাধাৰণৰ পাকিস্তানত যোগদান কৰাৰ কোনো ঐতিহাসিক ইচ্ছা নাই বুলি মত প্ৰকাশ কৰে। ত্ৰিবেদীৰ এই বক্তব্যৰ পাছতে অসমত এন আৰ চি সন্দৰ্ভত চলি থকা বিতৰ্কই এক নতুন গতি লৈছে।