NORTHEAST NOW (Assamese)
Popular Stories

সুনীতা উইলিয়ামছক ‘ভাৰতৰত্ন’ প্ৰদানৰ দাবী মমতা বেনাৰ্জীৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2025 9:05 am

৯ মাহ মহাকাশত কটোৱাৰ পাছত উৎকণ্ঠাৰ অৱসান ঘটাই ্কালি পৃথিৱীত পদার্পণ কৰা মহাকাশচাৰী সুনীতা উইলিয়ামছক ভাৰতৰত্নসন্মান প্রদান কৰাৰ দাবী জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাজীয়ে।

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্রত্যাৱৰ্তনৰ পাছতে এই সফলতাত কালি বংগৰ মুখ্যমন্ত্রী মমতাই সুনীতাক আন্তৰিক শুভেচ্ছা, অভিনন্দন জনায়

মুখ্যমন্ত্রী মমতাই কয়- সুনীতা ভাৰতৰ কন্যা। ভাৰত কন্যাৰ এই বিজয় প্রাপ্তিত কেন্দ্রই সুনীতাক ভাৰতৰত্ন সন্মান আগবঢ়োৱা উচিত।

লগতে এই প্রসংগত মমতাই মহাকাশ বিজ্ঞানৰ বিষয়ে তেওঁ যথেষ্ট অধ্যয়ন কৰাৰ কথাও উল্লেখ কৰে।