NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে গোলাঘাটত অতিৰিক্ত নিষেধাজ্ঞা জাৰি

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 13, 2021 2:46 pm
delhi-c

গোলাঘাটত ক’ভিড -১৯ লৈছে সংহাৰী ৰূপ। এইপৰ্যন্ত দুই সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১৫ জনকৈ লোকে মৃত্যুক সাৱটি লৈছে।

এনে বিপদশংকুল পৰিবেশৰ প্ৰতি অধিক সৰ্তকতা অৱলম্বন কৰি চহৰ অঞ্চল আৰু ইয়াৰ পাঁচ কি.মি. পৰিধিৰ ভিতৰৰ এলেকাত ইংৰাজী ১৩ মে’ তাৰিখ পুৱা ৫ বজাৰ পৰা পুনৰ নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত অসম ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণে ক’ভিড পৰিস্থিতি সন্দৰ্ভত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

নিৰ্দেশনা অনুসৰি, কাইলৈৰ পৰা সকলো দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান দিনৰ ১ বজাত বন্ধ কৰিব লাগিব।

সাপ্তাহিক হাট-বজাৰ সমূহ ১৫ দিনৰ বাবে খোলাৰ অনুমতি নাথাকিব। ৰেষ্টোৰা আৰু ধাবা সমূহত দিনৰ ১ বজালৈকেহে গ্ৰাহক উপস্থিত থাকিব পাৰিব।

তাৰপিছত কেৱল ঘৰলৈহে খাদ্য যোগান ধৰিব পাৰিব।হোটেল আৰু ৰিৰ্জটত থকা ৰেষ্টোৰা বিলাকে দিনৰ ১ বজালৈকেহে বাহিৰৰ গ্ৰাহকক খাদ্য বিক্ৰী কৰিব পাৰিব।

তাৰপিছত কেৱল হোটেলত থকা গ্ৰাহকহে খাদ্য যোগান ধৰিব পাৰিব। অৱশ্যে ক’ভিড নিৰ্দেশনা মানি ই কমাৰ্চযোগে অত্যাৱশ্যকীয় সামগ্ৰী যোগান অব্যাহত ৰাখিব পাৰিব।

শীতল ডঁৰাল আৰু পণ্যাগাৰ সমূহ ১ বজাৰ পিছতো চলি থাকিব পাৰিব কিন্তু ইয়াৰ সংযুক্ত বিক্ৰীকেন্দ্ৰ সমূহ ১ বজাত বন্ধ কৰিব লাগিব।ফাৰ্মাচী,পশুচিকিৎসালয় ,অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱা খোলা থাকিব।বিদ্যালয়, মহাবিদ্যালয়,,বিশ্ববিদ্যালয় সম্বনিতে সকলো শিক্ষানুষ্ঠানে মানসম্পন্ন ভাৰ্চুৱেল শিক্ষা প্ৰদানৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব অৰ্থাৎ ১৫ দিনৰ বাবে কায়িক পাঠদানৰ অনুমতি নাথাকিব।

চৰকাৰী আৰু বে- চৰকাৰী সকলো কাৰ্যালয় বন্ধ থাকিব।চৰকাৰী ,অৰ্ধচৰকাৰী বিভাগৰ উপ -সচিব আৰু উৰ্ধতন বিষয়া তথা বে-চৰকাৰী খণ্ডৰ অপৰিহাৰ্য বিষয়াই জৰুৰী আৰু অত্যাৱশ্যকীয় কামৰ বাবে কেৱল অতি প্ৰয়োজনীয় কৰ্মচাৰীক লৈ কাৰ্যালয়ত উপস্থিত থকাৰ অনুমতি থাকিব।

কিন্তু অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা , আইন বলবৎকাৰী সংস্থা আৰু নিৰ্বাচন সম্পৰ্কীয় কামৰ ক্ষেত্ৰত ৯ ,১০ দফা দুটা প্ৰযোজ্য নহ’ব।বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানক কেৱল ব্যক্তিগত বিষয় হিচাপে গণ্য কৰি ১০ গৰাকীতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।

বিবাহৰ আগত বা পিছতো কোনো অভ্যৰ্থনা অনুষ্ঠানৰ অনুমতি দিয়া নহ’ব।লগতে সৎকাৰ বা শেষকৃত কাৰ্যতো ১০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।লগতে ১৫ দিনৰ বাবে সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব লাগিব।

যদিও ধৰ্মীয় অনুষ্ঠানৰ মূৰব্বী জনে ধৰ্মীয় নীতি -নিয়ম সমূহ পালন কৰিব পাৰিব।সকলো ৰাজহুৱা পৰিবহনত মাত্ৰ ৩০% যাত্ৰীহে যাত্ৰা কৰিব পাৰিব।

অট’ৰিক্সা, ৰিক্সা বা টেক্সিত চালকৰ সৈতে মাত্ৰ দুজনহে যাত্ৰী উঠিব পাৰিব।মহিলা বা শিশুৰ বাহিৰে দুচকীয়া বাহনত দুজনকৈ উঠিব নোৱাৰিব।

চৰকাৰী বাহনৰ বাহিৰে আন সকলো বাহন জোৰ-বেজোৰ পদ্ধতিৰে চলোৱাৰ অনুমতি থাকিব।আৰু এই পদ্ধতি পুৱা ৫ বজাৰ পৰা বিয়লি ২ বজালৈ জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নিৰ্ধাৰণ কৰিব।

অৱশ্যে জৰুৰীকালীন চিকিৎসাসেৱাৰ ক্ষেত্ৰত ব্যৱহৃত ব্যক্তিগত বাহনৰ বাবে এই নিৰ্দেশ প্ৰযোজ্য নহ’ব। ৪ মে’ ২০২১ তাৰিখৰ নিৰ্দেশ নং এ এচ ডি এম এ ২৮/২০২১/৬৩ যোগে ৰেহাই দিয়া ব্যক্তিৰ বাহিৰে দৈনিক দিনৰ ২ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ ৰাজহুৱা স্থানত অন্য ব্যক্তিৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব।শেষত এই নিৰ্দেশ মানি নোলোৱা এলেকা আৰু বিষয়সমূহৰ ক্ষেত্ৰত ৪ মে’ ২০২১ ইং তাৰিখৰ নিৰ্দেশ নং এ এচ ডি এম এ ২৮/২০২১/৬৩ ত উল্লেখিত বিধিসমূহ বাহল থাকিব।