মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

ছ’চিয়েল মিডিয়াত এটা সাধাৰণ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ডুবাইত ৪৭ দিন কাৰাবাস কটোৱাৰ পিছত অৱশেষত ভাৰতলৈ উভতি আহিল মুম্বাইৰ ষ্টেণ্ড আপ কমেডিয়ান যশ ভৰদ্বাজে। ৫ মে’ত ঘৰলৈ উভতি অহাৰ পিছত শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰামত কেইবাটাও পোষ্টৰ জৰিয়তে জীৱনৰ অন্যতম কঠিন আৰু বেদনাদায়ক অভিজ্ঞতাৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰে।
চলিত বৰ্ষৰ মাৰ্চ মাহত গুগল মেপত ভুল দিশৰ বিষয়ে ডুবাইত নিৰ্মাণ কৰা এটা কৌতুকপূৰ্ণ ৰিল ভিডিঅ’ক কেন্দ্ৰ কৰিয়েই সংকটৰ আৰম্ভণি হৈছিল। তেওঁ প্ৰথমে মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণৰ মাজত ভূ-ৰাজনৈতিক উত্তেজনাৰ ফলত জিপিএছ বিচ্ছিন্নতাৰ আধাৰত এই কৌতুকপূৰ্ণ স্কেচটো তৈয়াৰ কৰিছিল।
১৯ মাৰ্চত ডুবাইত কমেডী শ্ব’ৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে যশক জৰুৰী ভিত্তিত ডুবাই আৰক্ষীয়ে মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।
কমেডিয়ানগৰাকীৰ মতে, যদিও তেওঁ ভিডিঅ’টোক কেৱল এটা লঘু কৌতুক বুলি ভাবিছিল, তথাপিও ডুবাই প্ৰশাসনে ইয়াক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি সম্ভাৱ্য ভাবুকি বুলি গণ্য কৰিছিল।
যশ ভৰদ্বাজে কয়, সম্পূৰ্ণ নিৰীহ আৰু সাধাৰণ ৰিল ভিডিঅ’ আছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই একেবাৰে সহজভাৱে লোৱা নাছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি মোক গ্ৰেপ্তাৰ আৰু আটক কৰা হয় আৰু দীঘলীয়া ৪৭ দিন ডিটেনচন চেণ্টাৰত কটাবলগীয়া হ’ল।
যশে কয় যে এই অভাৱনীয় আইনী জটিলতা আৰু চৰম অনিশ্চয়তাই নিজৰ লগতে সমগ্ৰ পৰিয়ালৰ ওপৰত তীব্ৰ শাৰীৰিক আৰু মানসিক চাপৰ সৃষ্টি কৰিছে। ডুবাইৰ এটা কেন্দ্ৰীয় ডিটেনচন চেণ্টাৰত প্ৰায় সাত সপ্তাহ ধৰি তেওঁক আবদ্ধ কৰি ৰখা হৈছিল, য’ত পৰিৱেশ অত্যন্ত অস্বাস্থ্যকৰ, ভিৰ আৰু অনিয়ন্ত্ৰিত আছিল। অৱশেষত ৫ মে’ত তেওঁক ভাৰতলৈ ঘূৰাই পঠিওৱা হয়।
মুম্বাইলৈ উভতি অহাৰ পিছত ইতিমধ্যে যশে পুনৰ মঞ্চত প্ৰদৰ্শন আৰম্ভ কৰিছে। সহযোগী কমেডিয়ান আৰু দৰ্শকৰ পৰা পোৱা আপ্লুত সমৰ্থনে তেওঁক দ্ৰুতভাৱে স্বাভাৱিক জীৱনলৈ ঘূৰি অহাত সহায় কৰিছিল।
অৱশ্যে এই ঘটনাৰ পিছত তেওঁ স্থায়ীভাৱে বেংগালুৰুলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে, য’ত তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। যদিও তেওঁ সকলো নতুন কামৰ প্ৰতি আশাবাদী, যশৰ অনুভৱ হৈছে যে এই অভিজ্ঞতাই তেওঁক গোটেই জীৱন সোঁৱৰাই দিব যে স্পৰ্শকাতৰ ভূ-ৰাজনৈতিক বিষয় এটাৰ ওপৰত এটা সৰু কৌতুকেও কেনেকৈ তেওঁৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে।
আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়ালৈকে ডুবাই কৰ্তৃপক্ষৰ কোনো আনুষ্ঠানিক বিবৃতি পোৱা নাই।