NORTHEAST NOW (Assamese)
দেশ

জাতিৰ ভিত্তিত মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিব নোৱাৰি : মাদ্ৰাজ উচ্চ ন্যায়ালয়

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 18, 2025 8:08 pm

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এক গোচৰৰ শুনানিত কয় যে সকলো জাতিৰ লোকক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিব লাগিব।

১৭ জুলাই বৃহস্পতিবাৰে আৰিয়ালুৰ জিলা প্ৰশাসনক এই সন্দৰ্ভত নিৰ্দেশ দি আদালতে কয়, ১৬ জুলাইৰ পৰা ৩১ জুলাইলৈ অনুষ্ঠিত হবলগীয়া আদি পেৰুক্কু উৎসৱত সকলো জাতিৰ ভক্তক মুক্তভাৱে পূজা আৰু অংশগ্ৰহণৰ অনুমতি দিব লাগিব। মন্দিৰ কৰ্তৃপক্ষই আদালতৰ নিৰ্দেশ পালন নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব।

শেহতীয়াকৈ আৰিয়ালুৰ পুথুকুডি গাঁৱৰ আয়নাৰ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত জাতিভিত্তিক বৈষম্যৰ অভিযোগ উত্থাপন কৰি দলিত সম্প্ৰদায়ৰ এ ভেংকটেছন নামৰ এজন ব্যক্তিয়ে আদালতৰ কাষ চাপিছিল।

তেওঁ কয় যে জাতিৰ বাবে দলিতসকলক মন্দিৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হৈছে।

আৱেদনত ভেংকটেছনে কয় যে ২০১৯ চনলৈকে পুথুকুডীৰ আয়নাৰ মন্দিৰ সকলো জাতিৰ উপাসকৰ বাবে মুকলি আছিল। কিন্তু নিজকে ‘এজু বৈগিয়াৰ বুলি অভিহিত এটা শক্তিশালী জাতিগোষ্ঠীয়ে নতুন গঠন নিৰ্মাণ কৰি মন্দিৰটোৰ নিয়ন্ত্ৰণ লবলৈ চেষ্টা কৰিছিল। স্থানীয় দলিতসকলেও মন্দিৰ নিৰ্মাণৰ বাবে অনুদান আগবঢ়াইছিল যদিও পিছত মন্দিৰত প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল।

আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে জাতিভিত্তিক নিষেধাজ্ঞা আৰোপ কৰি কোনো ব্যক্তিক মন্দিৰত প্ৰৱেশ কৰাত বাধা দিব নোৱাৰিব। এই পদক্ষেপ “মৰ্যাদাৰ অপমান

ইয়াৰ পৰ্যবেক্ষণত আদালতে কয়, “ভগৱান নিৰপেক্ষ। জাতি আৰু সম্প্ৰদায় মানুহৰ সৃষ্টি। অনুসূচিত জাতি সম্প্ৰদায়ৰ বুলি কোনোবাই প্ৰাৰ্থনা কৰাত বাধা দিয়াটো তেওঁলোকৰ মৰ্যাদাক অপমান কৰা। আইনৰ শাসনৰ দ্বাৰা পৰিচালিত দেশত কেতিয়াও ইয়াৰ অনুমতি দিব নোৱাৰি।”

ন্যায়াধীশ এন আন আনন্দ ভেংকটেশে কৰ্তৃপক্ষক সোঁৱৰাই দিয়ে যে তামিলনাডু মন্দিৰ প্ৰৱেশ অনুমোদন আইন, ১৯৪৭ৰ ৩ নং ধাৰাত জাতি বা সম্প্ৰদায় নিৰ্বিশেষে প্ৰতিজন হিন্দুৰ যিকোনো হিন্দু মন্দিৰত প্ৰৱেশ আৰু পূজা কৰাৰ অধিকাৰ আছে। কোনো ব্যক্তিক তেনে কৰাত বাধা দিয়াৰ যিকোনো প্ৰচেষ্টা আইনী ভুল আৰু ইয়াৰ ফলত আইনী পৰিণতি হব পাৰে।

ন্যায়াধীশগৰাকীয়ে লগতে কয় যে মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত জাতিভিত্তিক বৈষম্যৰ অন্ত পেলাবলৈ যুঁজ দিয়া সমাজ সংস্কাৰক আৰু নেতাসকলে দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত এই আইনখন প্ৰণয়ন কৰা হৈছে। মন্দিৰ কৰ্তৃপক্ষই আইন আখৰে আখৰে পালন কৰিব লাগিব।ন্যায়াধীশ এন আনন্দ ভেংকটেশে উদয়ৰপালায়মৰ আৰিয়ালুৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক (এছ পি) আৰু ৰাজহ সংমণ্ডল বিষয়া (আৰ ডি অ’)ক নিৰ্দেশ দিয়ে যে সকলো জাতিৰ লোকে যাতে মন্দিৰত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰিব পাৰে আৰু সকলো অনুষ্ঠান আৰু মন্দিৰ সম্পৰ্কীয় উৎসৱত অংশগ্ৰহণ কৰে তাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে।