NORTHEAST NOW (Assamese)

মাজুলীৰ অনুসুচীত জাতিৰ কৃষকক চৰকাৰে আগবঢ়াব ৰাজ- সাহায্যযুক্ত পাৱাৰটিলাৰ-পাৱাৰ পাম্প

May 23, 2018 3:09 pm · মিটু খাটনিয়াৰ
প্ৰতিনিধিত্বমূলক ফটো

মাজুলী জিলাৰ অনুসুচীত জাতিৰ কৃষকৰ বাবে ৰাজ্য চৰকাৰে আত্ম-নিয়োজন আঁচনিৰ অধীনত ৰাজ-সাহায্যযুক্ত ৫খন পাৱাৰ টিলাৰ আৰু ২০ টা পাৱাৰ পাম্প বিতৰণৰ ব্যৱস্থা কৰিছে। মাজুলী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ইয়াৰ বাবে জিলাখনৰ ইচ্ছুক অনুসুচীত জাতিৰ কৃষকৰ পৰা আবেদন পত্ৰ বিচাৰি মহকুমা কল্যাণ বিষয়াই জাননী জাৰি কৰিছে।

ৰাজপত্ৰিত বিষয়াৰ স্বাক্ষৰ সম্বলিত জাতিগত প্ৰমাণপত্ৰৰ প্ৰতিলিপিসহ আগ্ৰহী ব্যক্তিগত হিতাধিকাৰী সকলে কমলাবাৰীত থকা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত অহা ১০ জুনৰ ভিতৰত নিজৰ আবেদন পত্ৰ জমা দিব পাৰিব।

অনুসচীত জাতিৰ কৃষক গোটৰ ক্ষেত্ৰত আবেদন দাখিল কৰোতে গোটৰ পঞ্জীয়ন নম্বৰ তথা পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, প্ৰতিজন কৃষক সদস্যৰ  নামত থকা মাটিৰ প্ৰমাণপত্ৰ আৰু সদস্য সকলৰ জাতিগত প্ৰমাণ পত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব।

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আগ্ৰহী অনুসুচীত জাতিৰ কৃষক সকলে মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব ।

Related News