NORTHEAST NOW (Assamese)

মাজুলীৰ ৰতনপুৰ-নপমুৱা পথৰ শোচনীয় অৱস্থাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন স্থানীৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী

May 10, 2018 8:15 pm · মিটু খাটনিয়াৰ

মাজুলীৰ ৰতনপুৰ- নপমুৱা পথটি এতিয়া এজাক বৰষুণ দিলেই যাতায়াতৰ অনুপযোগী হৈ পৰিছে। পথটোৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে পথটোৱে দি চাইকেল বা মটৰ চাইকেলেৰে যোৱাটো বাদেই খোজকাঢ়িও যাব নোৱাৰা অৱস্থা।

ফলত উজনি মাজুলীৰ কলনিবাৰী, নিকিনিখোৱা, গায়ন গাঁও, গ্ৰেজিং, চিনাতলি, উত্তৰ গায়ন গাঁও, আদৰ্শ দলনি, পনুৱা বাঁঘগাঁও আদি অঞ্চলৰ জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হৈছে। লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলো বিদ্যালয়লৈ অহা-যোৱা কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।

তাৰোপৰি ৰোগীক চিকিৎসালয়লৈ নিয়া, ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱা তথা দৈনন্দিন জীৱন যাত্ৰাত অন্তৰায় হৈ পৰিছে বোকাময় পথছোৱা। পথৰ দুৰৱস্থাৰ বাবেই নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, ৰতনপুৰ গায়ন প্ৰাথমিক বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত থাকিব লগা হৈছে।

অঞ্চলটোৰ স্থানীয় একাংশ ক্ষুব্ধ লোকে শেহতীয়াকৈ পথছোৱা নিৰ্মাণৰ আবণ্টন পোৱা ঠিকাদাৰে সময়মতে খৰতকীয়াকৈ কাম নকৰি বৰ্তমান ভৰ বাৰিষাৰ দিনত নকৈ মাটি পেলোৱাৰ ফলতে পথছোৱা এনেদৰে বিপদসংকুল হৈ পৰিছে বুলি জানিবৈ দিয়ে।

Related News