NORTHEAST NOW (Assamese)
অসম

মাজুলী মহাবিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

Posted by: মিটু খাটনিয়াৰ June 21, 2018 12:11 pm
মাজুলী মহাবিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বৰ আন আন ঠাইৰ লগতে মাজুলীতো জিলা প্ৰশাসনৰ উদ্যোগত আজি চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।

এই উদ্দেশ্যে পুৱা মাজুলী মহাবিদ্যালয় প্ৰেক্ষাগৃহত যোগ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত কৰা জিলাস্তৰীয় মূল অনুষ্ঠান জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। ইয়াৰ পিছতে তেওঁ অন্যান্য সকলৰ সৈতে সামূহিক যোগ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

যোগ দিৱসৰ এই কাৰ্যসূচীত জিলাখনৰ সকলো বিভাগৰ বিষয়া-কৰ্মচাৰী, নাগৰিক সমাজক প্ৰতিনিধিত্বকাৰী বিভিন্ন সংগঠনৰ প্ৰতিনিধি, পতঞ্জলী যোগ পীঠ আৰু বিশিষ্ট নাগৰিক সকলে অংশ গ্ৰহন কৰে।