NORTHEAST NOW (Assamese)
অসম

মাণিকপুৰত আৰক্ষীৰ উদ্যোগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়ত সজাগতা সভা

Posted by: ইয়াছীন আলি May 26, 2018 9:17 am
সজাগতা সভা, কোকিলা

শুকুৰবাৰে সন্ধিয়া বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সকলো গাৱঁৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি, সম্পাদক, গাওঁৰ সচেতন নাগৰিক, সমাজ সেৱক-সেৱিকা, বিভিন্ন দল-সংগঠনৰ সদস্যক লৈ এন আৰ চি’ৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰে মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মই ।

অহা ৩০ জুনত এন আৰ চি’ৰ দ্বিতীয়খন খচৰা প্ৰকাশৰ আগমুহূৰ্তত বা পিছত দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব নোৱাৰে বা কোনোধৰণৰ আইন শৃংখলা বিঘ্নিত কৰিব পৰা কাম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাটোৱে এই সভাৰ মুখ্য আলোচনাৰ বিষয় আছিল।

উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মই। আইন শৃংখলাৰ ওপৰত বিশেষ ভাবে বক্তব্য ৰাখে বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰানজিৎ বৰাৰ লগতে গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা দিব্যজ্যোতি দত্তই।

আটাই কেইগৰাকী বক্তাই সমাজৰ মাজত ভাতৃত্ববোধেৰে হাতে হাত মিলাই সহযোগ কৰি আইন শৃংখলা অটুট ৰাখিবলৈ সভাত উপস্থিত থকা বিভিন্ন দল সংগঠনৰ লগতে সন্মানীয় ব্যক্তি সকলক আহ্বান জনায়।