NORTHEAST NOW (Assamese)

মাণ্ডলিক ক্ৰিকেট একাডেমিৰ উত্তৰ-পূব আৰু বিহাৰ মণ্ডল শিবিৰৰ প্ৰশিক্ষকৰ দায়িত্ব ছিকিমৰ কিকাম ভুটিয়ালৈ

April 18, 2018 6:17 pm · সাগৰ ছেত্ৰী

অহা ২৩ এপ্ৰিলৰ পৰা ১৩ মে’লৈকে ইম্ফলত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব (ছোৱালী) মাণ্ডলিক ক্ৰিকেট একাডেমিৰ উত্তৰ-পূব আৰু বিহাৰ মণ্ডল শিবিৰৰ বাবে বি চি চি আইয়ে ছিকিমৰ কিকাম ভুটিয়াক ফিল্ডিং আৰু উইকেট কিপিঙৰ প্ৰশিক্ষক হিচাপে নিযুক্ত কৰিছে।

তেওঁ কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ছিকিমক প্ৰতিনিধিত্ব কৰিছে। ২০১০ চনত তেওঁ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পুৰ্ণ কৰিছে।

ইতিমধ্যে তেওঁ ২০১১ চনত বেংগালোৰস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিত অনুষ্ঠিত মহিলা ৰাষ্ট্ৰীয় শিবিৰ আৰু ২০১৫ চনত ১৯ বছৰ অনূৰ্ধ্ব পূব মণ্ডল শিবিৰত সহকাৰী প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছিল।

১৯৮৮ চনত পূব ছিকিমৰ টাডং মেট্ৰ’ পইণ্টৰ লেনডুপ ভুটিয়া আৰু ডছুম ভুটিয়াৰ কন্যা কিকাম ভুটিয়া বৰ্তমান ছিকিম মহিলা ক্ৰিকেট দলৰ প্ৰশিক্ষক।

Related News