NORTHEAST NOW (Assamese)

মাণিকপুৰ আৰক্ষীৰ অভিযানত জব্দ পাইন কাঠভৰ্তি দুখন ট্ৰাক

May 22, 2018 12:29 pm · ইয়াছিন আলী
Updated: May 22, 2018 3:13 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

মাণিকপুৰ আৰক্ষীৰ বাবে এক বৃহৎ সফলতা। সোমবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে কঢ়িওৱা পাইন কাঠভৰ্তি দুখন ট্ৰাক জব্দ কৰে মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে।

উল্লেখ্য যে অবৈধভাৱে সৰবৰাহ কৰা AS- 01EC-4391 আৰু AS-01 JC 9091 নম্বৰৰ গাড়ী দুখনৰ জৰিয়তে মেঘালয়ৰ পৰা ধুবুৰীলৈ এই বৃহৎ পৰিমান তথা বহু মূল্যৱান পাইন কাঠখিনি সৰবৰাহৰ উদ্দেশ্যে অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মাণিকপুৰ আৰক্ষী থানাৰ নিয়মীয়া তালাচীৰ সময়তে জব্দ হোৱা চোৰাংকাঠ ভৰ্তি ট্ৰাক দুখন পাছত বন বিভাগক গতাই দিয়ে। জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি বন বিভাগৰ লোকে সদৰী কৰিছে।

মনকৰিবলগীয়া যে মেঘালয়ৰ পৰা অসমৰ ধুবুৰীলৈ ট্ৰাক দুখন আহি থাকোতে বাটত সন্মুখীন হোৱা আৰক্ষী থানা বা তালাচীক কিদৰে প্ৰতিহত কৰি এই বৃহৎ পৰিমাণৰ কাঠখিনি সৰবৰাহ কৰিবলৈ সক্ষম হৈছিল তাকে লৈ এতিয়া প্ৰশ্নৰ উদয় হৈছে।

ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চলত ব্যাপক হাৰত বৃদ্ধি পোৱা বন ধ্বংস কাৰ্যই সমগ্ৰ বিশ্বৰ মানৱ সম্পদৰ ওপৰত ভাবুকিৰ সৃষ্টি কৰিছে। তাৰ পিছটো কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ।

Related News