NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ষ্ট’নডাষ্ট বোজাই কৰা ডাম্পাৰ জব্দ স্থানীয় যুৱকৰ; আন্দোলনৰ হুংকাৰ

Posted by: মানস প্ৰতিম গগৈ July 22, 2018 6:24 pm

আজি একাংশ সচেতন যুৱকে জাগুনৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা এখন ষ্ট’নডাষ্ট বোজাই কৰা ডাম্পাৰ জব্দ কৰি বন বিভাগক চমজাই দিয়ে ।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চলৰ লগতে অবৈধভাৱে চলি থকা কাঠ, বল্ডাৰ, শিল-বালি আদি অবৈধ ব্যৱসায়  অনতিপলমে বন্ধৰ দাবীত মাৰ্ঘেৰিটাৰ সচেতন প্ৰকৃতিপ্ৰেমী যুৱক সকলে বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও বন বিভাগৰ কাৰ্যালয় সন্মুখেৰেই প্ৰতিদিনে বনজ সম্পদ চোৰাং ভাৱে সৰবৰাহ হৈ আহিছে।

প্ৰাকৃতিক সম্পদ ধ্বংসকাৰী মাফিয়াই একাংশ বন বিভাগৰ নীতি নিৰ্দেশনা জলাঞ্জলি দি ডিগবৈ বন সংমণ্ডলটোৰ বিভাগীয় একাংশ লোকক হাতৰ মুঠিত ৰাখি এনেদৰে দিনে-নিশাই চোৰাং ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

ফলত অঞ্চলটোৰ একাংশ সচেতন যুৱকে অভিযান চলাই এ এছ ২৩ বিচি/৮৯৫৪ নম্বৰৰ ডাম্পাৰ খন জব্দ কৰি নথি-পত্ৰ পৰীক্ষা কৰি কোনো ধৰণৰ বিভাগীয় কাগজ পত্ৰ নথকাত মাৰ্ঘেৰিটাৰ পাৱৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত জব্দ কৰি বনবিভাগক চমজাই দিয়ে।

মন কৰিব লগীয়া যে জাগুনৰ পৰা মাৰ্ঘেৰিটালৈকে কেইবাখনো বন বিভাগৰ গেট থকাৰ পিছতো কেনেকৈ পাৰ হৈ অবৈধ ভাৱে ষ্টনডাষ্ট সৰবৰাহ কৰিবলৈ সক্ষম হৈছে ইয়াক লৈও  প্ৰশ্ন উত্থাপন হৈছে।

আনহাতে ডিগবৈ বন সংমণ্ডলৰ অধীনত চলি থকা বনজ সম্পদ সমূহৰ ধ্বংস বন্ধ কৰিবলৈ প্ৰকৃতিপ্ৰেমী সকলে দাবী জনাইছে অন্যথা বন বিভাগৰ বিৰুদ্ধে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সচেতন প্ৰকৃতিপ্ৰেমী সকলে।