NORTHEAST NOW (Assamese)
অসম

দল বাগৰা ৰাজনীতি : বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপৰ পৰা বিজেপিলৈ যোৱা নেতা পুনৰ অগপলৈ

Posted by: এন ই নাও নিউজ July 22, 2018 7:58 pm
HemantaAdhikary_2

দল বাগৰি থকা নেতাৰ এবাৰ যদি এটা দল ভাল লাগে আনবাৰ আন এটা ভাল লাগে। তেনেকুৱা ঘটনা সততে হোৱা দেখা গৈছে সাম্প্ৰতিক সময়ৰ ৰাজনীতিত। শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অগপৰ হেমন্ত অধিকাৰী নামৰ নেতাজনে যোৱা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল যদিও আজি পুনৰ অগপত যোগদান কৰে।

আজি বৰছলাত অনুষ্ঠিত অগপৰ এখন সভাত নেতাজনে পুনৰ অগপলৈ ঘূৰি যায়। তেওঁ ইয়াৰ কাৰণ হিচাপে বিজেপিয়ে হিন্দু বাংলাদেশীক আনিব খোজা কাৰ্য্যক দেখুৱায়।

তেওঁ কয় যে বিজেপিয়ে হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিব খুজিছে। অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অগপৰ বিকল্প নাই।

জানিব পৰামতে, নেতাজনৰ এই দল সালসলনিৰ খেলটোত আমোদ পাইছে সমষ্টিবাসী ৰাইজেও। একাংশই মন্তব্য কৰিছে যে প্ৰকৃততে হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়া বাবে বিজেপি ত্যাগ কৰা বুলি কৈছে যদিও নেতাজনে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা ভাবিহে দল বাগৰি ফুৰিছে।

উল্লেখযোগ্য যে বৰছলা সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে, য’ত বিধায়ক হিচাপে ২০১৬ চনৰ নিৰ্বাচনত গণেশ কুমাৰ লিম্বু নিৰ্বাচিত হৈছিল।