NORTHEAST NOW (Assamese)
অসম

ফখৰ জামান, মহম্মদ হাফিজকে ধৰি পাকিস্তানৰ ১০ গৰাকী ক্ৰিকেটাৰ ক’ৰ’না আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 8:17 pm
ফখৰ জামান, মহম্মদ হাফিজকে ধৰি পাকিস্তানৰ ১০ গৰাকী ক্ৰিকেটাৰ ক’ৰ’না আক্ৰান্ত

ইংলেণ্ড আৰু পাকিস্তানৰ প্ৰস্তাৱিত ক্ৰিকেট শৃংখলাৰ পূৰ্বে ক’ৰ’না ভাইৰাছত সম্পূৰ্ণৰূপে জৰ্জৰিত হৈ পৰিছে পাকিস্তান ক্ৰিকেট দল।

সোমবাৰে তিনিগৰাকী পাকিস্তানী ক্ৰিকেটাৰ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে মঙলবাৰে পুনৰ অন্য সাত গৰাকী ক্ৰিকেটাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মঙলবাৰে নতুন কৈ ক’ৰ’না আক্ৰান্ত হোৱা পাকিস্তানী ক্ৰিকেটাৰ কেইগৰাকী হৈছে ক্ৰমে- কাচিফ ভাটি, মহম্মদ হাচনান, ফখৰ জামান, মহম্মদ ৰিজৱান, মহম্মদ হাফিজ, ৱাহাব ৰিয়াজ আৰু ইমৰাণ খান।

সোমবাৰে শ্বাহদাব খান, হাইদৰ আলী আৰু হাৰিছ ৰৌফ ক’ৰ’না আক্ৰান্ত হৈছে বুলি পৰীক্ষাত প্ৰমাণ হৈছিল।

পাকিস্তান ক্ৰিকেট দলৰ ১০ গৰাকী ক্ৰিকেটাৰ ক’ৰ’না আক্ৰান্ত হোৱাৰ পাছতে ইংলেণ্ড আৰু পাকিস্তানৰ মাজৰ প্ৰস্তাৱিত ক্ৰিকেট শৃংখলাটোৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে।

পাকিস্তান ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি ক’ৰ’না আক্ৰান্ত ক্ৰিকেটাৰ সকল পৰীক্ষাৰ অন্তত ক’ৰ’না নিগেটিভ বুলি ফলাফল আহিলেহে দলৰ সৈতে যোগদান কৰিব পাৰিব।

বৰ্তমান আটাইকেইগৰাকী ক্ৰিকেটাৰকে আইচ’লেশ্যনত ৰখা হৈছে।