NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯: অসমত আৰোগ্যৰ হাৰ ৬৪.৩%, নতুনকৈ মুক্ত ১৯৭

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 7:46 pm
COVID19: 1724 persons discharged in Assam on Tuesday

১৯৭গৰাকী নতুনকৈ ক’ভিড-১৯ মুক্ত ব্যক্তিৰে সৈতে অসমে ৬৪.৩% আৰোগ্যৰ হাৰ মঙলবাৰে স্পৰ্শ কৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

এইসকল ব্যক্তিক চিকিৎসালয়ৰ পৰা মুক্তি দিয়াৰ পিছত অসমত আৰোগ্য ব্যক্তিৰ সংখ্যা হৈছে ৩৭৬২গৰাকী।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ২০৭৯গৰাকী।

আনহাতে অসমত এতিয়ালৈকে মুঠ ৫৮৫৩গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

ইয়াৰে নগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

অসমত বিশেষকৈ কামৰূপ মহানগৰত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড-১৯ পজিটিভ ব্যক্তি চিনাক্ত হৈছে।

গুৱাহাটীৰ বহুকেইটা ৱাৰ্ডত ২৪ জুনৰ পৰা মহানগৰ জিলা প্ৰশাসনে লকডাউন ঘোষণা কৰিছে।