NORTHEAST NOW (Assamese)
অসম

সেনা বাহিনীৰ কেণ্টিনত আৰু পোৱা নাযাব বিদেশী সামগ্ৰী, কেন্দ্ৰৰ নিৰ্দেশনা জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2020 3:41 pm
army

দেশৰ বিভিন্ন প্ৰান্ত থকা সেনা বাহিনীৰ কেণ্টিন সমূহত আৰু পোৱা নাযাব বিদেশৰ পৰা আমদানি কৰা কোনো সামগ্ৰী।

কেন্দ্ৰীয় চৰকাৰে যোৱা ১৯ অক্টোৱৰত জাৰি কৰা নিৰ্দেশনা আখৰে আখৰে পালন কৰিবলৈ সাজু হৈছে সেনাৰ উৰ্ধতন কৰ্তৃপক্ষ।

ইতিপূৰ্বে অৰ্ধ-সামৰিক বাহিনীৰ কেণ্টিনত বিদেশৰ সামগ্ৰীৰ বিক্ৰী বন্ধ কৰা হৈছিল। ভাৰতক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰেই চৰকাৰে দেশত থকা সেনা বাহিনীৰ প্ৰায় ৪ হাজাৰ কেণ্টিনত বিদেশৰ সামগ্ৰীৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

সেনা বাহিনীৰ কেণ্টিনত সেনাৰ কৰ্মৰত বিষয়া-জোৱানৰ উপৰি অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান আৰু তেওঁলোকৰ পৰিয়ালে কম দামতে নানান সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা পাই আহিছে।

সেনা বাহিনীৰ কেণ্টিনত পোৱা মুঢ় ৫,৫০০ বিধ সামগ্ৰীৰ ভিতৰত ৪২০ বিধ সামগ্ৰী বিদেশৰ পৰা অনা হয়।ইয়াৰে বেছি ভাগ সামগ্ৰীয়েই আহে চীনৰ পৰা।

বিশেষকৈ বিদেশী মদ সেনা বাহিনীৰ কেণ্টিনত কম দামতে কিনিবলৈ পোৱা গৈছিল।

এতিয়া বিদেশৰ সামগ্ৰীৰ আমদানি বন্ধ কৰাত কেণ্টিনৰ পৰা বিদেশী মদ ক্ৰয় কৰা সকল বিপাঙত পৰাটো নিশ্চিত হৈ পৰিছে।

চলিত বৰ্ষৰ প্ৰথম ভাগতে স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ বিষয়াসকলে আলোচনাত মিলিত হৈ কেণ্টিনত বিদেশী বস্তুৰ বিক্ৰী বন্ধ কৰাৰ বিষয়ত এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই সিদ্ধান্তৰ পিছতে চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে।