NORTHEAST NOW (Assamese)
অটো

BHIM এপ ব্যৱহাৰকাৰীলৈ চৰকাৰৰ দেৱালীৰ উপহাৰ; এতিয়াৰে পৰা সহজতে কৰিব পাৰিব এই ৫ টা কাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2019 6:04 pm
BHIM App

যদিহে আপুনি BHIM (Bharat Interface for Money) App ব্যৱহাৰ কৰে তেনেহ’লে আপোনাৰ বাবে সুখবৰ কিয়নো কেন্দ্ৰ চৰকাৰে ভীম এপৰ নতুন সংস্কৰণ ভীম ২.০ আনুষ্ঠানিকভাৱে মুকলি কৰি দিছে।

তথ্য আৰু প্ৰায়োগিক মন্ত্ৰ্যালয়ে জাৰি কৰা বিবৃতিত ভীম ২.০ত অতিৰিক্ত ভাষাৰ লগতে লেন-দেন প্ৰক্ৰিয়াৰ সীমা বৃদ্ধিকে ধৰি ভালেমান সুবিধা প্ৰদান কৰা হৈছে।

ভীম এপ হ’ল নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অব ইণ্ডিয়া (NPCI)দ্বাৰা প্ৰস্তুত কৰা UPI আধাৰিত পেমেণ্ট এপ।

উল্লেখযোগ্য যে, ডিজেটেল ইণ্ডিয়া মিশ্যন অনুসৰি নগদ লেন-দেন হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৩০ ডিচেম্বৰত ভীম এপ মুকলি কৰিছিল।

ভীম এপ মুকলি অনুষ্ঠানত প্রধান মন্ত্ৰী মোদীয়ে এদিন দেশৰ সকলো ব্যৱসায়িক লেন-দেন ভীম এপৰ জৰিয়তেও হ’ব পাৰে বুলি মন্তব্য কৰিছিল।

ভীম এপক আৰু অধিক ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ বাবে ইয়াত ভালেমান নতুন সুবিধা সংযোগ কৰা হৈছে।

ভীমৰ নতুন এপটোৱে বৰ্তমান থকা ১৩ টা ভাষাৰ উপৰিও তিনিটা অতিৰিক্ত ভাষা ক্ৰমে কংকণী, ভোজপুৰী আৰু হাৰিয়ানী সমৰ্থন কৰিব।

বৰ্তমান উপলব্ধ হৈ থকা ১৩ টা ভাষাৰ ভিতৰত হিন্দী, ইংৰাজী, তামিল, তেলুগু, বেংগলী, উড়িয়া, কন্নড়, গুজৰাটী, মাৰাঠী, অসমীয়া ভাষা অন্যতম।

ভীম ২.০ত উপলব্ধ হোৱা নতুন সুবিধা সমূহ হ’ল-

১) নতুন সংস্কৰণটোত লেন-দেনৰ সীমা বঢ়োৱা হৈছে।

২) বিভিন্ন প্ৰকাৰৰ বেংকত থকা একাউণ্টক সংযোগ কৰিব পৰা যাব।

৩) ব্যৱসায়ীসকলে নিজৰ তৰফৰ পৰাও বিশেষ অফাৰ দিব পাৰিব।

৪) IPO ৰ বাবে আবেদনৰ সুবিধাও উপলব্ধ হ’ব।

৫) এতিয়াৰ পৰা উপভোক্তাই অতি সহজতে টকা-পইচা উপহাৰ হিচাপেও পথাব পাৰিব।