NORTHEAST NOW (Assamese)
অসম

লখিমপুৰৰ বিশিষ্ট তাই পণ্ডিত, শিল্পী যজ্ঞেশ্বৰ লিগিৰাক দুৰ্বৃত্তৰ আক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2019 5:25 pm
Jagyeswar Ligira

লখিমপুৰৰ বিশিষ্ট তাই পণ্ডিত তথা “হেম বুঢ়াগোহাঁই বঁটা” প্ৰাপক শিল্পী যজ্ঞেশ্বৰ লিগিৰাক যোৱা নিশা চাৰিজন অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে।

প্ৰহৃত পণ্ডিত, শিল্পীজনৰ ভাষ্যমতে, আক্ৰমণকাৰী ৪জন নিশা প্ৰায় ৯ বজাত এখন ব’লেৰ’ গাড়ীত আহিছিল আৰু ধলপুৰ গ্ৰাম্য চিকিৎসালয়ৰ সন্মুখত থকা তেওঁৰ দোকানখনৰ পৰা বাহিৰলৈ উলিয়াই আনি তেওঁক প্ৰহাৰ কৰে।

লিগিৰাৰ পৰিয়ালে নিশাই ধলপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে।

ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ কাঠনি গাঁৱৰ শিল্পীজনে চিকিৎসালয়খনৰ সন্মুখত এখন সাধাৰণ পাণ-তামোলৰ দোকান দি জীৱিকা উলিয়ায়।

তেনেই সাধাৰণ জীৱন যাপন কৰা আৰু চৰকাৰৰ পৰা কোনো মনোযোগ পাবলৈ সক্ষম নোহোৱা যজ্ঞেশ্বৰ লিগিৰাই আজীৱন তাই সংস্কৃতিৰ চৰ্চা কৰি আহিছে। তাই-আহোমৰ সংস্কৃতিৰ এজন সুনিপুণ সাধক, শিল্পী আৰু মলু্ং (ধৰ্মীয় পুৰোহিত) হিচাপে তেওঁৰ বহুল পৰিচিতি আছে। তাই আহোম ভাষাৰো চৰ্চা কৰি আহিছে লিগিৰাই।

তাই লোকবাদ্যৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইত তেওঁ তাই ভাষাৰ গীত পৰিৱেশন কৰি আহিছে আৰু আহোম সমাজত যথেষ্ট সমাদৰ আছে।

২০১৭ বৰ্ষৰ ৮ এপ্ৰিল তাৰিখে জ্যোতি চিত্ৰবনত অনুষ্ঠিত তাই সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত লিগিৰাক ৰাজ্যিক ভিত্তিত “হেম বুঢ়াগোহাঁই বঁটা” প্ৰদান কৰা হৈছিল।

যোৱা বছৰ ৩১ জানুৱাৰিত গুৱাহাটীৰ কলাক্ষেত্ৰত আন্তঃৰাষ্টীয় মেদাম মেফিত তাই টোকাৰি আৰু গীত পৰিৱেশন কৰিছিল শিল্পীগৰাকীয়ে।