NORTHEAST NOW (Assamese)
অসম

২২ অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল পবিতৰা অভয়াৰণ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2019 5:17 pm
Pobitora-Wildlife-Sanctuary

বাৰিষা কালৰ বাবে বন্ধ হৈ থকা পবিতৰা অভয়াৰণ্য আজিৰে পৰা দেশী আৰু বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হয়।

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মৰিগাঁও জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্য বিগত সময়ছোৱাত পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ আহিছে।

গুৱাহাটীৰ পৰা মাত্ৰ ৫৫ কিলোমিটাৰ দুৰত্বত অৱস্থিত পবিতৰা অভয়াৰণ্যত ২০১৮ চনৰ গড়পিয়ল অনুসৰি মুঠ ১০২ টা এশিঙিয়া গড় আছে।

পবিতৰা অভয়াৰণ্য গড়ৰ লগতে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত।

উল্লেখযোগ্য যে, ১২ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে পৰ্যটকসকলৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছিল।

আনহাতে, ৪ অক্টোবৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ বিপৰীতে ১ নবেম্বৰত মিনি কাজিৰঙা হিচাপে পৰিচিত দৰং জিলাৰ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যঘ্ৰ প্ৰকল্প পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।