NORTHEAST NOW (Assamese)
অসম

মিজোৰামত ৫ কোটি টকাৰ সোণ জব্দ আৰক্ষী আৰু শুল্ক বিভাগৰ

Posted by: চাংজুৱালা মাৰ May 9, 2018 9:38 pm
Gold-Bar-570x320

মিজোৰাম আৰক্ষী আৰু শুল্ক বিভাগে অলপতে মিজোৰামত অভিযান চলাই দুটা ভিন্ন স্থানৰ পৰা ৫কোটিতকৈয়ো অধিক মূল্যৰ সোণ জব্দ কৰে।

আৰক্ষীয়ে ৭ মে’ৰ দিনাখন ভাৰত-ম্যানমাৰ সীমান্তৰ সৈতে লাগি থকা চাম্ফাই জিলাৰ ৰুৱাইকাৱন গাঁৱত সোণৰ বিস্কুট জব্দ কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰে।

জব্দ কৰা এই সোণৰ বিস্কুটখিনিৰ ওজন প্ৰায় ৯.৯৬ কিলোগ্ৰাম হ’ব আৰু আৰক্ষীয়ে জানিব দিয়া মতে ইয়াৰ বজাৰ মূল্য প্ৰায় ৩.১৮ কোটি টকা হ’ব।

‘’সোণৰ বিস্কুটখিনি ৰখাৰ অভিযোগত চাম্ফাই জিলাৰ এজন বাসিন্দা জোহমাহৰুয়াক (৫১) গ্ৰেপ্তাৰ কৰা হৈছে। মেক্সি কেব আৰু ইয়াৰ ড্ৰাইভাৰজনকো গ্ৰেপ্তাৰ কৰা হৈছে। জব্দ কৰা বিস্কুটখিনি শুল্ক বিভাগৰ বিষয়াক গতাই দিয়া হৈছে,’’-মিজোৰাম আৰক্ষীৰ জনসম্পৰ্কৰক্ষী বিষয়া লালডুহথালাংগাই কয়।

আন এক ঘটনাত আইজলৰ পৰা ৩৫ কিলোমিটাৰ নিলগৰ ছেলিঙত আইজলৰ শুল্ক বিভাগৰ চোৰাংবেহা নিবাৰক শাখাই যোৱা ৮মে’ত এম জেদ-জি-৩১৬৩ পঞ্জীয়ন নম্বৰৰ যাত্ৰীবাহী গাড়ীখনত তালাচী চলাই দুজন যাত্ৰীৰ পৰা ৮৬৩৫.৮৭ গ্ৰাম ওজনৰ ৫২ খন সোণৰ বিস্কুট জব্দ কৰে। এই সোণখিনিৰ মূল্য প্ৰায় ২.৬৯ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।

ম্যানমাৰৰ কাৱালপিৰ এজন বাসিন্দা ডেভিদ মুৱাংপি (২৩) আৰু ম্যানমাৰৰ টাহান-বিৰ ছোমখানকাপ (১৯)ক শুল্কবিভাগে গ্ৰেপ্তাৰ কৰে।

আইজলৰ শুল্ক বিভাগৰ অধীক্ষক এল এইচ হাউকিপে জানিব দিয়া মতে এই সোণখিন তেওঁলোকে হালধীয়া টেপ লগাই চিনিব নোৱাৰাকৈ ককাঁলত বান্ধি আনিছিল।