NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মিজোৰামৰ গভীৰ অৰণ্যৰ গুহাত আৱিস্কৃত প্ৰাচীন অধিবাসীৰ অৱশেষ

Posted by: এন ই নাও নিউজ May 11, 2018 11:08 am
mizoram cave2

কলা আৰু কৃষ্টি ঐতিহ্যৰ ভাৰতীয় ৰাষ্ট্ৰীয় ন্যাসৰ (Indian National Trust for Art and Cultural Heritage) মিজোৰাম শাখা আৰু ভাৰতীয় মানৱশাস্ত্ৰ জৰীপ বিভাগৰ যুটীয়া অভিযানত মিজোৰামৰ ইতিহাসৰ এটা নতুন অধ্যায় আৱিস্কৃত হৈছে। গুহাত লাভ কৰা সাক্ষ্যসমূহে মিজোৰামৰ ইতিহাস নতুনকৈ জুঁকিয়াই চাবলৈ বাধ্য কৰিব বুলি আশা কৰা গৈছে।

মিজোৰামৰ গুহাত লাভ কৰি মানুহৰ লাওখোলা আৰু কংকালৰ অৱশিষ্টসমূহৰ ওপৰত কলা আৰু কৃষ্টি ঐতিহ্যৰ ভাৰতীয় ৰাষ্ট্ৰীয় ন্যাসৰ মিজোৰাম শাখা আৰু ভাৰতীয় মানৱশাস্ত্ৰ জৰীপৰ বৈজ্ঞানিকসকলে এলানি উদ্ঘাটনমূলক অধ্যয়ন সম্পন্ন কৰিছে।

আলোচনা আৰু প্ৰাথমিক অধ্যয়নৰ বাবে ভাৰতীয় মানৱশাস্ত্ৰ জৰীপ বিভাগৰ এটা গৱেষকৰ দল ইতিমধ্যে মিজোৰামত আহি উপস্থিত হৈছে।

এই দলটোত আছে আঞ্চলিক বিষয়া আৰ আৰ গৌলুগ, সহকাৰী মানৱশাস্ত্ৰবিদ জি কে বেৰা, আৰু পৰিসংখ্যাবিদ এলিজাবেথ লালাওকিমি। তেওঁলোকে এই বিষয়টো কলিকতাস্থিত ফৰ্ধতম কৰ্তৃপক্ষৰ ওচৰলৈ লৈ যাব বিচাৰিছে।

আৱিস্কাৰমূলক কাৰ্যসূচীটোত বৈজ্ঞানিকসকলে লাওখোলা আৰু কংকালসমূহৰ নমুনাসংগ্ৰহ কৰিব আৰু সেইবোৰৰ কাৰ্বন ডেটিং আৰু পৰীক্ষাগাৰৰ পৰীক্ষা সম্পন্ন কৰিব।

mizoram cave1

উল্লেখ্য যে গুহাসমূহৰ ভিতৰত লাভ কৰা বেছি ভাগ কংকাললেই সাধাৰণ মিজোলোকৰ তুলনাত ওখ।

বৈজ্ঞানিকসকলৰ ধাৰণা যে মিজোসকল এই অঞ্চললৈ অহাৰ পূৰ্বে এক অন্য জনগোষ্ঠীয়ে এই অঞ্চলত বসতি কৰিছিল।

ৰাজ্যখনত থকা ইয়াৰে বহুতো গুহা গভীৰ অৰণ্য আৰু ভিতৰুৱা এলেকাত অৱস্থিত।

বৈজ্ঞানিকসকলে আশা প্ৰকাশ কৰে যে বহু বহু শতিকাৰ পূৰ্বৰ এই কংকালসমূহৰ অধ্যয়নে ইতিহাসবিদসকলক ৰাজ্যখনৰ ইতিহাস নতুনকৈ লিখাত সহায় কৰিব।

মিজোৰামৰ কেইটামান বিখ্যাত গুহা হৈছে মামিত জিলাৰ মাৰপাৰাৰ সমীপস্থ পুকজিং গাঁওত থকা পুকজিং গুহা, , লাংলেই জিলাৰ মামতে গাঁওৰ কাষৰ মিলু পুক (লাওখোলা) গুহা, চামফাই জিলাৰ ফাৰকাওন গাঁওৰ লাংছিয়াল পুক (লামছিয়াল গুহা) আৰু চামফাই জিলাৰ ভাফাই গাঁওৰ ওচৰত থকা কংগাওঢ়ি গুহা।