NORTHEAST NOW (Assamese)
অসম

মিজোৰামৰ চৰকাৰী কৰ্মচাৰীৰ ধৰ্মঘট প্ৰত্যাহাৰ

Posted by: ছাঙজুৱালা হামৰ December 8, 2017 12:04 pm

মিজোৰাম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ উমৈহতীয়া সংগঠন ফেডাৰেচন অফ মিজোৰাম গভ্ট এমপ্লইজ এণ্ড ওৱাৰ্কাৰ্ছ এ সপ্তম দৰমহা আয়োগৰ অনুমোদনৰ হাৰত দৰমহা বৃদ্ধিৰ দাবীত আহ্বান দিয়া তিনিদিনীয়া সৰ্বাত্মক ধৰ্মঘটৰ কাৰ্সূচী প্ৰত্যাহাৰ কৰিছে।

সংগঠনটোৰ সদস্যসকলে তিনিদিনীয়া সৰ্বাত্মক ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও মিজোৰামৰ গৃহমন্ত্ৰী আৰ লালজিৰলিয়ানাই চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ পিছত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দি কোৱা হৈছিল যে এই বিষয়ত সোনকালেই এখন অধ্যয়ন কমিটিয়ে দৰমহা বৃদ্ধিৰ বিষয়ে চৰকাৰক অনুমোদনৱলী পঠিয়াব।

আজি তেওঁলোকে ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ পূৰ্বে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাৱলাই প্ৰতিবাদী কৰ্মচাৰীসকললৈ সকীয়নি দি তেওঁলোকে কাৰ্যসূচী প্ৰত্যাহাৰ নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছিল।

কৰ্মচাৰী সংগঠনটোৰ নেতাসকলে কালি ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল আৰু বিষয়টো সম্পৰ্কে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হৈ এক সমাধান সূত্ৰৰ সম্ভাৱনা বিচাৰি উলিয়ায়। ইয়াৰ পিছতে সংগঠনটোৱে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।

‘’গৃহমন্ত্ৰী গৰাকীয়ে আমাক আশ্বাস দিছে যে চৰকাৰে আমাৰ আবেদন গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু বিষয়টো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে,’’—কৰ্মচাৰী সংগঠনটোৰ নেতাসকলে জানিব দিয়ে।

আজিৰে পৰা কৰ্মচাৰীসকলে নিজ নিজ কামত যোগদান কৰিব ।