NORTHEAST NOW (Assamese)
Popular Stories

অৰুণাচল প্ৰদেশত আত্মসমৰ্পন কৰিলে দুই আলফা কেডাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2023 8:33 pm

শনিবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ লাজুত নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ অসমৰ দুই কেডাৰে আত্মসমৰ্পণ কৰে।

ঋতুৰাজ গোহাঁই ওৰফে মইনা আসম আৰু মন্থা নেওগ নামৰ কেডাৰ কেইজনে ৬নং অসম ৰাইফলছৰ আগত আত্মসমৰ্পণ কৰে।

এই মুহূৰ্তত দুয়োজন কেডাৰ আছাম ৰাইফলৰ জিম্মাত আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মেজৰ বুলবুল চন্দ্ৰ বৰুৱা ওৰফে সংগ্ৰাম শইকীয়াই তেতিয়াৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ আগত আত্মসমৰ্পণ কৰিছিল।

১৯৯৭ চনত এই সংগঠনটোত যোগদান কৰা ৪৮ বছৰীয়া উগ্ৰপন্থী নেতাজনে ম্যানমাৰৰ আলফা শিবিৰত অস্ত্ৰ আৰু চিকিৎসাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। আলফা(স্বা)ৰ মুৰব্বী পৰেশ বৰুৱা আৰু সংগঠনটোৰ অন্যান্য জ্যেষ্ঠ নেতাসকলৰ ঘনিষ্ঠ সহযোগী শইকীয়াই ২০১৮ চনত “মেজৰ হিচাপে পদোন্নতি” লাভ কৰিছিল।