NORTHEAST NOW (Assamese)
অসম

হাইলাকান্দিত গাঁও পঞ্চায়তৰ সচিবক এন আৰ চিৰ কামত গাফিলতি কৰাৰ অভিযোগত আটক

Posted by: এন ই নাও নিউজ April 2, 2018 8:13 pm
এন আৰ চি

এন আৰ চিৰ উন্নীতকৰণৰ দ্বিতীয় পৰ্যায়ৰ কাম কঠোৰ কৰ্মসূচীৰ মাজত পূৰ্ণগতিত চলি থকাৰ সময়তে ২ এপ্ৰিলত হাইলাকান্দিত এন আৰ চিৰ কামত গাফিলতি কৰাৰ অপৰাধত গাঁও পঞ্চায়তৰ এজন সচিবক আৰক্ষীয়ে আটক কৰে। আটক হোৱা ব্যক্তিজন হ’ল লালা উন্নয়ন খণ্ডৰ চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ সচিব মুস্তাফা আহমেদ লস্কৰ।

প্ৰাপ্ত তথ্য মতে এন আৰ চিৰ কামত গাফিলতি কৰাৰ বাবেই লালাৰ চক্ৰ বিষয়া মধুমিতা নাথৰ নিৰ্দেশত যোৱা এটা আৰক্ষীৰ দলে গাঁও পঞ্চায়তৰ সচিব মুস্তাফা আহমেদ লস্কৰক আটক কৰে।

উল্লেখযোগ্য যে যি সময়ত দেশৰ উচ্চতম ন্যায়ালয়ে ৰাজ্যখনত এন আৰ চিৰ কাম যাতে সূচাৰুৰূপে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰ্দেশনা দিছে। সেই সময়তে এনেদৰে গাঁও পঞ্চায়তৰ সচিবে এন আৰ চিত কামত গাফিলতি কৰাটো দুৰ্ভাগ্যজনক কথা।