NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মিজোৰামৰ ৰাজ্যপালে ভংগ কৰিলে দুৰ্নীতিগ্ৰস্ত চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদ

Posted by: ছাংজুৱালা হমাৰ March 22, 2018 8:26 pm
Chakma Autonomous District

বহু দিন ধৰি উত্থাপিত হৈ অহা দু্ৰ্নীতিৰ অভিযোগৰ প্ৰতিৱেদন লাভ কৰাৰ পিছত  বৃহস্পতিবাৰে  মিজোৰামৰ ৰাজ্যপালে এক জাননীযোগে ভংগ কৰিলে চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদ। স্বায়ত্ব শাসিত জিলা পৰিষদখন ভংগ কৰি দিয়াৰ পাছত মিজোৰামৰ ৰাজ্যপাল নিৰ্ভয় শৰ্মাই আজি এটা জাননীযোগে ইয়াক নিজৰ শাসনৰ অধীনলৈ আনে।

ৰাজ্যপাল শৰ্মাই লাওংতলাই জিলাৰ উপায়ুক্ত এন চাখাইক চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদৰ ক্ষমতা ব্যবহাৰ কৰাৰ সাময়িক দায়িত্বভাৰ অৰ্পণ কৰে।

শেহতীয়াভাৱে পৰিষদৰ ভিতৰচোৱাত সংঘটিত কেতবোৰ দুৰ্নীতিৰ বিষয়ে ৰাজ্যপালৰ ওচৰত অভিযোগ উত্থাপিত কৰা হৈছিল আৰু এই সন্দৰ্ভত ৰাজ্যপালে লাওংতলাইৰ প্ৰাক্তন উপায়ুক্ত অৰুণ টিৰ অধীনত এখন তদন্ত কমিটী গঠন কৰিছিল। কমিটীৰ পৰা প্ৰতিৱেদন লাভ কৰাৰ পিছত ২ মাৰ্চত ৰাজ্যপালে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত নকৰা পৰ্যন্ত ৪ মাহৰ বাবে পৰিষদখন ভংগ কৰি দিয়ে। পৰিষদখন ভংগ হোৱাৰ পূৰ্বে চলিত বছৰৰ এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল।

উল্লেখ্য যে ২০১৭ চনত শাসনাধিষ্ঠ কংগ্ৰেছৰ ১২জন সদস্যই চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কালী প্ৰসাদ টোংচোগ্যাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। তেতিয়া ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল।২০১৭ চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছ দলৰ অমিত কুমাৰ চাকমাৰ নেতৃত্বত নতুন পৰিষদ গঠন কৰা হৈছিল।

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি ১৯৭২ চনৰ ২৯ এপ্ৰিলত চাকমা জনগোষ্ঠীয় লোকসকলৰ বাবে চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদ গঠন কৰা হৈছিল। পৰিষদে চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদৰ এলেকাৰ ভিতৰৰ সকলো বিভাগতে বিধায়িনী, কাৰ্যবাহী আৰু ন্যায়িক ক্ষমতা ব্যৱহাৰ কৰাৰ অধিকাৰ লাভ কৰে।