NORTHEAST NOW (Assamese)

মিনাৰ্ভা পঞ্জাৱ এফ চিয়ে যোগ্যতা পৰীক্ষণৰ বাবে আনিছে দুই ভূটীয়া ফুটবলাৰক

January 10, 2018 5:30 pm · এন ই নাও নিউজ
মিনাৰ্ভা পঞ্জাৱ

ভূটানৰ দুই ফুটবল খেলুৱৈ নিমা ৱাংদি আৰু জিগমে চেৰিং দৰ্জিক আই লীগ দল মিনাৰ্ভা পঞ্জাৱ এফ চিয়ে যোগ্যতা পৰীক্ষণৰ বাবে আনিছে।

এই দুয়োগৰাকী ভূটীয়া আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে ২০১৯ এ এফ চি কাপ এছিয়ান যোগ্যতা নিৰ্ণয়কাৰী খেলত তেওঁলোকৰ দেশক প্ৰতিনিধিত্ব কৰিছিল। দুয়ো গৰাকীয়ে খেলুৱৈয়ে ডিফেণ্ডাৰ-নিমা ৰাইট বেক আৰু দৰ্জি চেণ্ট্ৰেল ডিফেণ্ডাৰ।

মিনাৰ্ভা পঞ্জাৱ এফ চিৰ হৈ সোমবাৰৰ পৰা খেল আৰম্ভ কৰিবলৈ দুই গৰাকী খেলুৱৈ ইতিমধ্যে ভাৰত আহি পাইছেহি।

নিমা ৱাংদিয়ে ২০১৬ চনত আত্মপ্ৰকাশ কৰি দুটা আন্তঃৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰাৰ বিপৰীতে ২০১১ চনৰ পৰা ভূটানৰ হৈ খেলি অহা দৰ্জিৰ শিৰত আছে ১৭ টা আন্তঃৰাষ্ট্ৰীয় সন্মান।

তেওঁলোকৰ যোগ্যতা পৰীক্ষণত সন্তুষ্ট হ’লে মিনাৰ্ভা পঞ্জাৱ এফ চিয়ে দুয়ো গৰাকী খেলুৱৈকে চুক্তিবদ্ধ কৰিব।

আই লীগ খিতাপৰ বাবে চেষ্টা চলাই অহা মিনাৰ্ভা পঞ্জাৱ এফ চি আজি কলকাতাত মোহন বাগানৰ মুখামুখি হ’ব।

Related News