NORTHEAST NOW (Assamese)
Popular Stories

মুকেশ হুণ্ডাই কাণ্ড : জামিনৰ শুনানি স্থগিত হিম্মৎচিংকাৰ

Posted by: এন ই নাও নিউজ July 11, 2018 9:46 pm

প্ৰতিষ্ঠানৰ কৰ্মচাৰীক কাণত ধৰাই আঁঠু কঢ়াই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি পৈশাচিক প্ৰদৰ্শনকামিতা দেখুওৱা মুকেশ হুন্দাইৰ পৰিচালন সঞ্চালক ৰিচভ হিম্মটচিংকাৰ জামিন আবেদনৰ শুনানি স্থগিত ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

আৰক্ষীয়ে কে’ছ ডায়েৰি দাখিল নকৰা বাবে ১৬ জুলাইত পুনৰ জামিন আৱেদনৰ শুনানি অনুষ্ঠিত হ’ব। উক্ত শুনানিত কেচ ডায়েৰী দাখিলৰ বাবে আৰক্ষীক গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে।

৪ জুলাইত সংঘটিত ঘটনাটোক লৈ ৰাজ্যজুৰি ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে কেইবাটাও সংগঠনে হিম্মৎচিংকাৰ বিৰুদ্ধে পৃথকে পৃথকে কেবাখনো এজাহাৰ দাখিল কৰিছিল।

কৰ্মচাৰীজনক নিৰ্য্যাতন কৰাৰ পিছত পলাই থকা হিম্মৎচিংকাক যোৱা ৮ জুলাইত দিচপুৰ আৰক্ষীয়ে সোণাপুৰৰ এখন ৰিজ’ৰ্টৰ পৰা আটক কৰিছিল।