NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত চামিল হ’বলৈ মন মেলিছে অসমৰে এখন গাঁৱৰ বাসিন্দাই

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা August 23, 2019 9:41 am
Screenshot_2019-

গোৱালপাৰা জিলাৰ দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত সীমান্তৱৰ্তী মেন্দিপথাৰ অঞ্চলটো এটা উল্লেখযোগ্য ব্যৱসায়ী কেন্দ্ৰ হিচাবে পৰিচিত হোৱাৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে অঞ্চলবাসী।

অঞ্চলটোত নাই খোৱাপানী, নাই বাট-পথ। ৰাস্তা-ঘাটৰো অৱস্থা শোচনীয়। মেন্দিপথাৰৰ পৰা কৃষ্ণাইলৈ অহা ১৪ কিলোমিটাৰ পথৰ অৱস্থা ইমানেই শোচনীয় যে ১৩ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ ব্যয় হয় ঘণ্টাৰ ওপৰত সময়।

উল্লেখযোগ্য কথাটো হ’ল অসম চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনে অৱহেলিত কৰি অহা অঞ্চলবাসীক বিদ্যুৎ, খোৱাপানীৰ লগতে অন্যান্য সা-সুবিধা সমূহ প্ৰদান কৰি আহিছে চুবুৰীয়া ৰাজ্য মেঘালয়ে।

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী উক্ত সুবিশাল অঞ্চলটোত নাই এটা চিকিৎসা সেৱা কেন্দ্ৰ আৰু এখন আৰক্ষী চকী।

অঞ্চলৰ লোক সকলে স্থানীয় বিধায়কৰ লগতে চৰকাৰ-প্ৰশাসনক বিভিন্ন সময়ত সীমান্তৱৰ্তী অঞ্চলটোৰ উন্নয়নৰ দাবী কৰি আহিছে যদিও আজিলৈকে কোনো খবৰ নাই।

ইফালে সুবিধা বুজি মেঘালয় চৰকাৰে অঞ্চলটোত বিভিন্ন আঁচনি ৰূপায়ণ কৰা পৰিলক্ষিত হয়। সীমান্তৱৰ্তী ৰাইজে ৰাজ্য চৰকাৰৰ এনে কৰ্মকাণ্ড দেখি মেঘালয়ত চামিল হোৱাৰো কথা প্ৰকাশ কৰিছে।

উল্লেখণীয় যে যদিহে ৰাজ্য চৰকাৰে বিষয়টোৰ সময় থাকোতে গুৰুত্ব প্ৰদান নকৰে তেন্তে এনেবোৰ অঞ্চল মেঘালয়ত চামিল হোৱাটো নিশ্চিত।