NORTHEAST NOW (Assamese)
Popular Stories

অভিনেতা বিজয়ক সকাহ নিদিলে ন্যায়ালয়ে: ১.৫ কোটি টকাৰ জৰিমনা বাহাল ৰাখিলে মাদ্ৰাজ হাইকোৰ্টে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2026 1:53 pm

তামিল ছবিৰ জনপ্ৰিয় অভিনেতা তথা বৰ্তমানৰ ৰাজনীতিবিদ বিজয়ৰ বাবে এক বেয়া খবৰ। ২০১৫-১৬ বিত্তীয় বৰ্ষত সঠিকভাৱে নিজৰ আয় প্ৰকাশ নকৰাৰ অভিযোগত আয়কৰ বিভাগে অভিনেতাগৰাকীক ১.৫০ কোটি টকাৰ জৰিমনা বিহিছিল। এই নিৰ্দেশৰ বিৰুদ্ধে বিজয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল যদিও শুকুৰবাৰে আদালতে সেই আবেদন খাৰিজ কৰি দিয়ে। ইয়াৰ ফলত আয়কৰ বিভাগে বিহা জৰিমনাৰ নিৰ্দেশটো বাহাল থাকিল।

এই গোটেই ঘটনাটোৰ আৰম্ভণি হৈছিল ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত, যেতিয়া আয়কৰ বিভাগে বিজয়ৰ বাসগৃহত এক তালাচী অভিযান চলাইছিল। বিভাগৰ মতে, সেই সময়ত অভিনেতাজনে তেওঁৰ প্ৰায় ১৫ কোটি টকাৰ অতিৰিক্ত আয়ৰ কথা লুকুৱাই ৰাখিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁৰ ওপৰত ১.৫০ কোটি টকাৰ আৰ্থিক দণ্ড বিহা হৈছিল। এই জৰিমনাৰ পৰা ৰক্ষা পাবলৈ বিজয়ে ২০২২ চনত আদালতৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে তেওঁৰ যুক্তিক সমৰ্থন নকৰিলে।

ন্যায়াধীশ সেনথিলকুমাৰ ৰামামূৰ্তিয়ে এই গোচৰৰ ৰায়দান দি কয় যে আয়কৰ বিভাগে যি জাননী জাৰি কৰিছিল, সেয়া আইনগতভাৱে সঠিক সময়সীমাৰ ভিতৰতে আছিল। জাননী জাৰি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদ্ধতিগত ভুল হোৱা নাই বুলি আদালতে স্পষ্ট কৰি দিয়ে। অৱশ্যে বিজয়ে বিচাৰিলে আন কিছুমান আইনী যুক্তিৰ সহায় লৈ আয়কৰ আপীল ন্যায়াধিকৰণত পুনৰ আবেদন কৰিব পাৰিব বুলি আদালতে তেওঁক স্বাধীনতা প্ৰদান কৰিছে।

উল্লেখ্য যে এই গোচৰটো দীৰ্ঘদিন ধৰি চলি আছিল আৰু বিভিন্ন পৰ্যায়ত ইয়াৰ বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িছিল। পূৰ্বে আন এখন বিচাৰপীঠে জৰিমনা আদায় দিয়াৰ ক্ষেত্ৰত সাময়িকভাৱে বাধা দিছিল যদিও এতিয়া চূড়ান্ত ৰায়দানত বিভাগে এই জৰিমনা আদায় কৰাৰ পথ মুকলি হ’ল। বৰ্তমানৰ পৰিস্থিতিত ৰাজনীতিৰ পথাৰত খোজ দিয়া টিভিকে মুৰব্বী বিজয়ৰ বাবে এয়া এক ডাঙৰ বিপৰ্যয় হিচাপে বিবেচিত হৈছে।