NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ মঃ য়াকুব মীৰৰ

Posted by: এন ই নাও নিউজ May 21, 2018 8:40 pm
মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ মঃ য়াকুব মীৰৰ

আজি মেঘালয উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱাৰ লগতে শপত গ্ৰহণ কৰে ন্যায়াধীশ মঃ য়াকুব মীৰে। তেওঁক শপত পাঠ কৰোৱায় মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদে। ৰাজভৱনত হোৱা এই শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শীৰ্ষস্থানীয় বিষয়াসকলৰ লগতে অধিবক্তাসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে য়াকুব মীৰে ন্যায়াধীশ তৰুণ আগৰৱালাৰ স্থলাভিষিক্ত হৈছে। ন্যায়াধীশ তৰুণ আগৰৱালাই যোৱা ২ মাৰ্চত অৱসৰ গ্ৰহণ কৰিছিল। আগৰৱালাই মাত্ৰ এমাহৰ পূৰ্বেহে মুখ্য ন্যায়াধীশৰ দায়িত্ব লৈছিল।

আনহাতে ন্যায়াধীশ য়াকুব মীৰ ইয়াৰ পূৰ্বে জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ আছিল। যোৱা এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তেওঁৰ নামটো মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মনোনীত কৰিছিল। ১৯৫৭ চনত জন্ম গ্ৰহণ কৰা মীৰে কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।