NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ভোটগ্ৰহণৰ মাজতে নাগালেণ্ডৰ মন জিলাত বিস্ফোৰণত এজন আহত

Posted by: এন ই নাও নিউজ February 27, 2018 12:32 pm
Nagaland

চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন আৰম্ভ হোৱাৰ মাজতে এক বিস্ফোৰণে কঁপাই তুলিছে নাগালেণ্ডক।

স্থানীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি নাগালেণ্ডৰ মন জিলাত টিজিট নামৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুৱা সংঘটিত হয় এটা বিস্ফোৰণ।নিৰাপত্তাৰক্ষীয়ে প্ৰকাশ কৰা মতে এই বিস্ফোৰণটোৰ ফলত এতিয়ালৈ এজন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে।

প্ৰাথমিকভাৱে এয়া এক বোমা বিস্ফোৰণ বুলি নিৰাপত্তাৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

মন জিলাৰ টিজিট নামৰ কেন্দ্ৰটোত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় এঘণ্টাৰ পাছতে হোৱা এই বোমা বিস্ফোৰণে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ভোটাৰসকলৰ মাজতো ইয়াক লৈ যথেষ্ট হুৱাদুৱা লাগে।

শেহতীয়া বাতৰি অনুসৰি অৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে।

অৱশ্যে আন এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিৰাপত্তাৰক্ষীৰ অসাৱধনতাৰ বাবে গুলী ফুটি লোকজন আহত হৈছে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত আনুষ্ঠনিক ঘোষণা কৰিলেহে প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া বিষয় এইটোৱে যে নাগালেণ্ডত পুৱা ৯ বজালৈ প্ৰায় ১৭ শতাংশ লোকে ভোটদান কৰাৰ বিপৰীতে মেঘালয়ত ভোটদানৰ হাৰ আছিল ১৬ শতাংশ।

পৰৱৰ্তী পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।