NORTHEAST NOW (Assamese)
উত্তৰ-পূব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 4, 2026 3:09 pm

গ্ৰুপ পৰ্বৰ মন্থৰ গতি পাৰ হৈ নকআউট পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে বিশ্বকাপ ফুটবলৰ বতাহ ক্ৰমান্বয়ে গৰম হৈ পৰিছে। আৰু এই উত্তেজনাৰ আন এক কেন্দ্ৰবিন্দু হৈছে  গোল্ডেন বুট।

বিশ্বকাপ আৰম্ভ হোৱা সময়ৰে পৰা সকলোৱে ভাবিছিল যে গোল্ডেল বুটৰ এই যুঁজত থাকিব কিলিয়ান এমবাপে, হেৰী কেন, আৰ্লিং ব্ৰাউট হালান্দ বা ভিনিচিয়াছ জুনিয়। কিন্তু সকলোকে আচৰিত কৰি অৱসৰৰ দিশে আগবঢ়া লিঅনেল মেছিও যে এই যুঁজৰ অন্যতম প্ৰধান দাবীদাৰ হৈ উঠিব সেয়া হয়তো কট্টৰ মেছি অনুৰাগীসকলেও ভবা নাছিল।

বৰ্তমান ৬টাকৈ গলৰ সৈতে যুঁজৰ শীৰ্ষস্থানত আছে মেছি আৰু এমবাপে। ৫টাকৈ গলৰ সৈতে তেওঁলোকৰ ঠিক পিছতেই আছে কেন আৰু হালান্দ। আনহাতে ৪টাকৈ গল লৈ এই দৌৰত আছে ওচমান ডেম্বেলে আৰু ভিনিচিয়াছ।

ডি আৰ কংগোৰ বিৰুদ্ধে পিছপৰি থকা অৱস্থাৰ পৰা দুটাকৈ গল দি ইংলেণ্ডক জয়ী কৰোৱা কেন এতিয়া ব্ৰিটিছসকলৰ চকুৰ মণি হৈ পৰিছে। বায়াৰ্ন মিউনিখৰ হৈ ঘৰুৱা লীগত ৩৬টা গলকে ধৰি মুঠ ৬১টা গল আৰু ৰাষ্ট্ৰীয় দলৰ হৈ কৰা গল মিলি এই ছিজনত তেওঁৰ মুঠ গলৰ সংখ্যা হৈছে ৭২টা। এই অবিশ্বাস্য অভিলেখৰ জৰিয়তে তেওঁ ২০১১-১২ ছিজনত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে কৰা ৬৯টা গলৰ অভিলেখ ভংগ কৰিছে। এই শতিকাৰ এটা ছিজনত সৰ্বাধিক গলৰ পৰিসংখ্যাত কেনৰ আগত এতিয়া কেৱল মেছিহে আছে, যিয়ে ২০১১-১২ ছিজনত ৬৯খন মেচত ৮২টা গল কৰিছিল।

আনহাতে, বিশ্বকাপ আহিলেই এমবাপে যেন এক যাদুকৰী শক্তিলৈ পৰিণত হয়। বিশ্বকাপত তেওঁৰ ১৮খন মেচত ১৮টা গলৰ পৰিসংখ্যাই বুজাই দিয়ে যে এই বিশ্বকাপৰ সৈতে তেওঁৰ প্ৰেম কিমান গভীৰ। মেছিৰ ১৯টা গলৰ অভিলেখ যিকোনো মুহূৰ্ততে ভংগ কৰাৰ বাবে সাজু হৈ আছে তেওঁ। ইফালে ভিনিচিয়াছৰ ভৰিৰ যাদুৱে বহু বছৰৰ মূৰত সজীৱ কৰি তুলিছে ব্ৰাজিলৰ বিশ্বজয়ৰ সপোন।

জা ফণ্টেইন, গাৰ্ড মুলাৰ বা ৰোনাল্ডো নাজাৰিঅৰ দৰে কিংবদন্তিসকলে গঢ়া এক বিশ্বকাপত সৰ্বাধিক গলৰ অভিলেখৰ তালিকাত একমাত্ৰ এমবাপেই স্থান লাভ কৰিছে। এইবাৰ তেওঁ নিজৰ সেই অভিলেখ ভংগ কৰিব পাৰিবনে, নে মেছিয়ে শেষ সময়লৈ এম বাপেৰ আখাত চেঁচা পানী ঢালিব – সেয়া চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ফুটবল বিশ্বৰ সমগ্ৰ নাগৰিকে।