NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! বেঁকী নদীত গা ধুবলৈ গৈ বৰপেটা ৰোডৰ তিনি যুৱকৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ, বৰপেটাৰোড Updated by: এন ই নাও নিউজ, বৰপেটাৰোড May 2, 2024 11:05 am

অত্যন্ত মৰ্মান্তিক ঘটনা। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে লাগি থকা বেঁকী নদীত গা ধুবলৈ নামি সলিল সমাধি ঘটিল তিনি সম্ভাৱনাপূৰ্ণ যুৱকৰ।

ঘটনাৰ বলি যুৱক তিনিজনক বৰপেটা ৰোডৰ কৃষ্ণ নগৰৰ দুই ভাতৃ দ্বীপ সাহা, ৰাজ সাহা আৰু বন্ধু অভিজিৎ কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়কঃ কোভিড ভেকচিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰী মোডীৰ ফটো; কিয় দিয়া হ’ল আঁতৰাই?

জানিব পৰা মতে, ১ মেত বন্ধৰ দিনত গাড়ী লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ গৈছিল যুৱক তিনিজন।

প্ৰাকৃতিক দৃশ্য উপভোগৰ মাজতে তিনিওজনে গা ধুবলৈ বেঁকী নৈত নামিছিল। তাৰপিছতে তেওঁলোক নৈখনত সন্ধানহীন হৈ পৰে।

বৃহস্পতিবাৰে পুৱা এজন যুৱক দ্বীপ সাহাৰ ভাতৃ ৰাজ সাহাৰ মৃতদেহ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। আনহাতে, আন দুই যুৱক দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰ এতিয়াও নিখোজ হৈ আছে।

লগতে পঢ়কঃ দুটা ভাগত বিভাজন হ’ল ১২৭ বছৰ পুৰণি গডৰেজ কোম্পানী; সম্পত্তিৰ ভাগ-বটৰা সম্পূৰ্ণ

দ্বীপ সাহা পঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। আনহাতে, ভাতৃ ৰাজ সাহা আছিল এগৰাকী ফটোগ্ৰাফাৰ।