NORTHEAST NOW (Assamese)
অসম

হাৱালাৰ জৰিয়তে ধনৰ লেনদেনৰ অভিযোগত আৰবী কলেজৰ অধ্যক্ষক আটক

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস May 18, 2019 10:21 pm
Now Assam Rifles have power to arrest and search without warrant in Northeast

বৰপেটা জিলাৰ হাউলীৰ নিকটৱৰ্তী ইটাৰভিটাৰ এখন আৰবী কলেজৰ অধ্যক্ষগৰাকী হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰাৰ অভিযোগত আজি আৰক্ষীৰ জালত পৰে।

আটকাধীন অধ্যক্ষগৰাকীক হাউলীৰ ইটাৰভিটাৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষ নুৰুল ইছলাম নাকভি বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে জামালউদ্দিন নাকভিৰ পুত্ৰ নুৰুল নাকভিয়ে হাৱালাৰ জৰিয়তে আৰৱ ৰাষ্ট্ৰৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে।

আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে গুৱাহাটীৰ পানবজাৰ আৰক্ষী থানাই এজন হাৱালা কেলেংকাৰীৰ লগত জড়িত ব্যক্তিক আটক কৰাৰ পিছত আজি হাউলীৰ ইটাৰভিটাৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষ গৰাকীক আটক কৰা হয়।