NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত কেঁচাপাতৰ মূল্য আন ঠাইতকৈ কেজিত ১০-১২ টকা কমকৈ দিয়ে ফেক্টৰিসমূহে : অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়কৰ

Posted by: কাজি জেইদুল ইছলাম August 29, 2018 11:35 am
DSC02334-01

বিশ্বনাথ জিলাত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহপাতৰ উচিত মূল্য পোৱা নাই। যাৰ বাবে জিলা খনত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। এই মন্তব্য বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি প্ৰবীণ হাজৰিকা আৰু সম্পাদক ড০ ৰঞ্জন গগৈৰ।

মঙলবাৰে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এক সংবাদ মেলত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়-ববীয়াসকলে বিশ্বনাথ জিলাৰ কাষৰীয়া লখিমপুৰ আৰু ৰঙাপৰাত কেঁচা পাতৰ মূল্য ২৩-২৫ টকা প্ৰতি কি:গ্ৰামত দি থকা অৱস্থাত বিশ্বনাথত ১৪-১৫ টকা কৰাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

আনহাতে কেঁচাপাত ক্ৰয়ৰ ক্ষেত্ৰতো বিশ্বনাথৰ বতলিফ ফেক্টৰী আৰু আন ফেক্টৰী সমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলক পেটে মৰাৰ অভিসন্ধি ৰচা বুলিও বিষয়ববীয়া সকলে তাপৰ্যমূলক মন্তব্য কৰা দেখা যায়।

সন্থাই টি মণিটৰিং কমিটিৰ নিৰ্দেশনা মতে চাহ ফেক্টৰী সমূহে কেঁচাপাতৰ মূল্য নিদিয়াত উদ্বেগ প্ৰকাশ কৰাৰ লগতে সন্থাই আনকি জিলা উপায়ুক্ত গৰাকীক কমিটিয়ে এই সম্পৰ্কীয় নিৰ্দেশনা নমনা বুলিও অভিযোগ কৰে।

সংবাদমেলত সন্থাৰ বিষয়-ববীয়াসকলে কেঁচাপাতৰ উচিত মূল্য প্ৰদানৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উৎপাদিত কেঁচা চাহপাত ক্ৰয়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তপক্ষক দাবী জনায়।

সংবাদমেলত বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উপসভাপতি টিকাৰাম উপাধ্যায়, সহকাৰী সম্পাদক দেৱব্ৰত মেধী, সাংগঠনিক সম্পাদক প্ৰতাপ শইকীয়া আদিয়ে বক্তব্য আগবঢ়ায় ।