NORTHEAST NOW (Assamese)
অসম

লণ্ডনত থকা ভাৰতীয় মূলৰ কাশ্মীৰী পণ্ডিত প্ৰবাসী অধ্যাপিকাক দেশত প্ৰৱেশ কৰাত বাধা; কাৰণ কি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2024 6:41 pm

ভাৰতীয় মূলৰ কাশ্মীৰী পণ্ডিত ব্ৰিটেইনৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা নিতাশা কৌলক বিমানবন্দৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আৱদ্ধ কৰি ৰখাৰ পিছতো ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। কংগ্ৰেছ শাসিত কৰ্ণাটক চৰকাৰে তেওঁক এখন সভালৈ নিমন্ত্ৰণ জনাইছিল। সেই উদ্দেশ্যে তেওঁ ভাৰতলৈ আহিছিল।

কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কঠোৰ সমালোচক কৌলক অৱশেষত প্ৰব্ৰজন বিভাগে দেশত প্ৰৱেশৰ পৰা বঞ্চিত কৰে। যদিও কৌলে দাবী কৰে, তেওঁৰ হাতত বৈধ পাছপ’ৰ্ট-ভিছা আৰু অন্যান্য নথি-পত্ৰ আছিল।

নিতাশা কৌলে ব্ৰিটেইনৰ ৱেষ্টমিনিষ্টাৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তদুপৰি, এই শিক্ষাবিদগৰাকীয়ে লিখামিলাও কৰে। বিজেপিৰ ভাষাত যদিও তেওঁ ভাৰত চৰকাৰৰ সমালোচক। হিন্দুত্ববাদী শিবিৰে তেওঁক ভাৰত বিৰোধী আৰু পাকিস্তান সমৰ্থক বুলি ব্যাখ্যা কৰি আহিছে।

লগতে পঢ়কঃ দুটা সিংহই খালে ত্ৰিপুৰাৰ বন বিষয়াৰ চাকৰি; সিংহৰ নামকৰণক লৈ বিতৰ্ক গৈ পাইছিল আদালত

দেওবাৰে বিয়লি এক্স মেছেজত লণ্ডনত বাস কৰা কৌলে লিখিছে, “গণতান্ত্ৰিক আৰু সাংবিধানিক মূল্যবোধৰ কণ্ঠস্বৰ প্ৰকাশ কৰাৰ বাবে মোক ভাৰতত প্ৰৱেশ কৰাত বাধা দিয়া হৈছে। কংগ্ৰেছ শাসিত কৰ্ণাটক চৰকাৰৰ এখন বৈঠকত মোক বিশিষ্ট প্ৰতিনিধি হিচাপে মাতি অনা হৈছিল। কিন্তু, কেন্দ্ৰই মোক প্ৰৱেশ কৰিবলৈ অনুমতি নিদিলে। মোৰ হাতত থকা সকলো নথি-পত্ৰ বৈধ আৰু শেহতীয়া সময়ৰ আছিল যদিও মোক ৭২ ঘণ্টা ধৰি বাংগালুৰু বিমানবন্দৰত আবদ্ধ কৰি ৰখা হৈছিল”।

কৌলে দাবী কৰে যে বাংগালুৰু বিমানবন্দৰত থকা অভিবাসন কাৰ্যালয়ে তেওঁক ভাৰতত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কোনো কাৰণ নিদিলে। ভাৰত চৰকাৰে প্ৰৱেশৰ অনুমতি নিদিয়ে বুলিও তেওঁক আগতীয়াকৈ জনোৱা নাছিল। এই সন্দৰ্ভত কৰ্ণাটক চৰকাৰৰ পৰা এতিয়াও কোনো সঁহাৰি জানিব পৰা হোৱা নাই। তেওঁলোকেই এই  ‘সংবিধান আৰু ৰাষ্ট্ৰীয় সংহতি আলোচনা-২০২৪’ আলোচনা অনুষ্ঠিত কৰিছিল।

লগতে পঢ়কঃকিংবদন্তি গজল গায়ক পংকজ উধাসৰ ৭২ বছৰ বয়সত দেহাৱসান; শোকস্তব্ধ সংগীত জগত

ৰাজনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যাপক নিতাশাই লগতে লিখিছে যে তেওঁ ১২ ঘণ্টীয়া যাত্ৰাৰ অন্তত ২৩ ফেব্ৰুৱাৰীত লণ্ডনৰ পৰা বাংগালুৰুত উপস্থিত হৈছিল। ইমিগ্ৰেচনৰ বিষয়াসকলে তেওঁক ক’লে যে দিল্লীৰ পৰা অৰ্ডাৰ অহাৰ বাবে তেওঁলোকে কৰিব পৰা একো নাই। তেওঁ কয়, মোৰ কেইবাটাও দশকৰ কামেই মোৰ মনৰ কথা। অতি সোঁপন্থী হিন্দু জাতীয়তাবাদী অৰ্ধসামৰিক গোট আৰ এছ এছৰ প্ৰতি মোৰ সমালোচনাই ভাৰত চৰকাৰৰ চকু কপালত তুলিছে।

এটা দীঘলীয়া অভিযোগত কৌলে লিখিছে, “লণ্ডনৰ পৰা আহিবলৈ মোৰ ১২ ঘণ্টা সময় লাগিল।” তেতিয়াৰ পৰাই মোক ইফালে সিফালে টানি লৈ ফুৰিছে। পিছত মোক এটা হোল্ডিং চেলত ভৰাই দিলে। সেইটো ইমান সংকীৰ্ণ আছিল যে শুবলৈ ঠাই নাছিল। চিচিটিভিৰ চোৰাংচোৱাগিৰি সকলো সময়তে চলি আছিল। খাদ্য আৰু পানীৰ কোনো ব্যৱস্থা নাছিল। বহু ফোন কৰাৰ পিছতো আঠুৱা আৰু কম্বল নাপালোঁ। ইয়াৰ পিছত লণ্ডনলৈ উভতি আহিবলৈ আৰু ১২ ঘণ্টা সময় লাগিল।”