NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত দলৰ প্ৰাৰ্থীক হত্যাৰ ঘটনা ‘নিয়া’ৰ দ্বাৰা তদন্তৰ দাবী তুলিছে এনচিপিয়ে

Posted by: এন ই নাও নিউজ February 20, 2018 11:21 am
jonathone_sangma_0-570x320

ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিয়ে (এনচিপি) আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী জনাথন এন ছাংমাক হত্যাৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া)ক দিয়াৰ দাবী উত্থাপন কৰিছে।

যোৱা দেওবাৰে নিশা জনাথন ছাংমাক তেওঁৰ ব্যক্তিগত দেহৰক্ষী আৰু দুগৰাকী এনচিপি দলৰ কৰ্মীৰ সৈতে উইলিয়ামনগৰত গুলীয়াই হত্যা কৰিছিল। পূব গাৰেপাহাৰ জিলাত তেওঁৰ কনভয়ৰ কাষত আই ই ডি বিস্ফোৰণ ঘটোৱাৰ পিছতে বিদ্ৰোহীয়ে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল।

মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ ছবোকগ্ৰে অঞ্চলৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ উইলিয়াম নগৰলৈ উভতি আহিছিল।

তেওঁৰ হত্যাৰ পিছৰে পৰা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত এতিয়াও আতংক বিৰাজ কৰি আছে।

তদুপৰি, উইলিয়ামনগৰ বিধানসভাৰ নিৰ্বাচন ছাংমাৰ হত্যাৰ পিছত স্থগিত ৰখা হৈছে।

সোমবাৰে শ্বিলঙত সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত এনচিপিৰ কাৰ্যকৰী সভাপতি বিজয় ৰাজে কয়,’’এই হত্যাৰ তদন্ত নিয়াক হস্তান্তৰ কৰিব লাগে।‘’

তেওঁ লগতে কয় যে এনচিপিৰ সকলো প্ৰাৰ্থীকে পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰাৰ দাবী তুলি মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগোৰৰ হাতত এখন অভিযোগ পত্ৰ দাখিল কৰা হৈছে।

ৰাজ্যখনৰ ৬০ জনীয়া বিধানসভাৰ অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে এনচিপিয়ে জনাথন ছাংমাকে ধৰি ২১ গৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

আনহাতে, মেঘালয়ৰ নিৰ্বাচনী বিভাগে ছাংমাৰ হত্যাৰ পিছত গাৰো পাহাৰ অঞ্চলৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ আৰু ১০ টা কোম্পানী বিচাৰিছে।