NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ ফেডাৰেশ্যনৰ ‘বিজেপি চৰকাৰ হায় হায়, গ’ বেক, মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল সৰভোগৰ ৰাজপথ

Posted by: ইয়াছিন আলী June 3, 2018 10:27 am
Sarbhog

ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ বৰনগৰ আঞ্চলিক সমিতিৰ উদ্যোগত শনিবাৰে সৰভোগত কেইবাটাও দাবীত ছাত্ৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সংগঠনটোৰ উদ্যোগত সৰভোগৰ গান্ধী ভৱনৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নগৰখনৰ মাজ-মজিয়াৰে সমদল কৰি আহি বৰনগৰ ৰাজহ চক্ৰৰ বিষয়াৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।

চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰখনত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা, নিয়মীয়া বিদ্যুৎ যোগান ধৰা, নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিল কৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লিখিত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা আৰু কোচ-ৰাজবংশীকে আদি কৰি ৫ জনগোষ্ঠীক জনজাতিকৰণ কৰা এই পাঁচদফীয়া দাবী সন্নিবিষ্ট কৰা হৈছে।

বিক্ষোভকাৰীসকলে বিজেপি গ’ বেক, বিজেপি মুৰ্দাবাদ, ৰাইজক জবাব দিয়ক ইত্যাদি শ্ল’গানেৰে উত্তাল কৰি তোলে সৰভোগৰ ৰাজপথ। পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰক, নিয়মীয়া বিদ্যুৎ যোগান ধৰক, নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিল কৰক আদি কেইবাটাও দাবী লৈ এই প্ৰতিবাদ কৰে ছাত্ৰ সংগঠনটোৱে।

প্ৰতিবাদী কাৰ্যসূচীত কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ জাতিদ্ৰোহী চৰকাৰ বুলি উল্লেখ কৰে।