NORTHEAST NOW (Assamese)
অসম

চহিদ দিবাকৰ দাসৰ সন্তানৰ শৈক্ষিক জীৱনৰ দায়িত্ব গ্ৰহণ ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ

Posted by: এন ই নাও নিউজ June 3, 2018 10:55 am

ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম তাৰকা সকলোৰে পৰিচিত ক্ৰিকেটাৰ গৌতম গম্ভীৰে শেহতীয়াকৈ এটি অসমীয়া শিশুৰ প্ৰতিপালনৰ দায়িত্ব গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে চি আৰ পি এফৰ চহিদ জোৱান অৰ্থাৎ পলাশবাৰী সতপু্ৰৰ নিবাসী দিবাকৰ দাসৰ সন্তান অভিৰণ দিবাকৰ দাসৰ শৈক্ষিক জীৱনৰ দায়িত্ব ক্ৰিকেটাৰগৰাকী আৰু তেওঁৰ ফাউণ্ডেচনে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

২০১৬ চনৰ ৪ জুলাইত অৰুণাচল প্ৰদেশত কৰ্মৰত অৱস্থাত দিবাকৰ দাস দুৰ্বৃত্তৰ হাত‍ত চহিদ হৈছিল।

প্ৰপ্ত তথ্য মতে গৌতম গম্ভীৰ ফাউণ্ডেচনটোৱে এনেধৰণৰ প্ৰায় ৩০ গৰাকী শিশুৰ দায়িত্ব গ্ৰহণ কৰি আছে।

তাৎপৰ্যপূৰ্ণ যে শুকুৰবাৰে গৌতম গম্ভীৰ ফাউণ্ডেচনটোৰ লগত জড়িত অসমৰ জীয়ৰী প্ৰিয়ংকা শৰ্মাই পলাশবাৰীৰ শিশুটিয়ে অধ্যয়ন কৰা ‘উইজদম পাব্লিক স্কুল’ত উপস্থিত হৈ এই কথা ব্যক্ত কৰে।