NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মেঘালয়ত হ’ব লগা ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ক ৰাজ্যৰ পৰ্য্যটন, ক্ৰীড়া আন্তঃগাঁথনি-সংস্কৃতিৰ বিকাশৰ কাৰ্য্যসূচী হিচাপে লোৱা উচিত : মুখ্য মন্ত্ৰী চাংমা

Posted by: এন ই নাও নিউজ March 28, 2018 7:52 pm
মেঘালয়ত হ’ব লগা ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ক ৰাজ্যৰ পৰ্য্যটন, ক্ৰীড়া আন্তঃগাঁথনি-সংস্কৃতিৰ বিকাশৰ কাৰ্য্যসূচী হিচাপে লোৱা উচিত : মুখ্য মন্ত্ৰী চাংমা

মেঘালয় ৰাজ্যিক অলিম্পিক সংস্থা আৰু ক্ৰীড়া বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত বুধবাৰে ক্ৰীড়া মন্ত্ৰী বান্তেইদৰ লিংদ’ই ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ৰ আয়োজক চহৰৰ চুক্তিখন মুখ্য মন্ত্ৰী কনৰাদ চাংমাক প্ৰদান কৰে।

চুক্তিখন গ্ৰহণ কৰাৰ পিছতে ৰাজ্যখনত হ’ব লগা ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ সম্পৰ্কে বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰী চাংমাই এক খন্তেকীয়া বৈঠকত বহে।

মেঘালয়ত ক্ৰীড়া আন্তঃগাঁথনি, পৰ্য্যটন, ৰাজ্যখন সম্পৰ্কে প্ৰচাৰ আৰু ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ কাৰ্য্যসূচী হিচাপে এই ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ক লোৱা উচিত বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।