NORTHEAST NOW (Assamese)
দেশ

অমৃতকাল! মধুমেহৰ পৰা হৃদযন্ত্ৰ-বৃক্ক ৰোগলৈ একেলগে বৃদ্ধি পালে ৭৮৪ টা ঔষধৰ দাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2025 9:22 pm

পুনৰ দৰিদ্ৰৰ মূৰত মাধমাৰ সোধাইছে মোদীৰ চৰকাৰে। দেশত যেন এতিয়া এইদৰেই চলিছে অমৃতকাল। এইবাৰ এবাৰতে ১.৭৪ শতাংশ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ দাম ।

কাইলৈ ​​১ এপ্ৰিলৰ পৰা দেশজুৰি কাৰ্যকৰী হ’ব ঔষধৰ বৰ্ধিত মূল্য। জ্বৰৰ পৰা আৰম্ভ কৰি তেজৰ ৰোগ, হৃদৰোগ, বৃক্কৰ ৰোগলৈকে সকলোৰে ঔষধৰ দাম বৃদ্ধি পাব কাইলৈৰ পৰা।

জানিব পৰা মতে, ৭৮৪ টা ঔষধৰ পাইকাৰী বজাৰৰ মূল্য একেলগে বৃদ্ধি পোৱাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটো সাংঘাটিক সমস্যাত ভুগিব।

যিবোৰ ঔষধৰ দাম বৃদ্ধি হ’ব, সেইবোৰৰ ভিতৰত প্ৰায় সকলো ধৰণৰ ৰক্তচাপ, বৃক্ক, আৰু তেজৰ ৰোগ যেনে হিমোফিলিয়া, চিকেল চেল, তেজ পাতল কৰা ঔষধ, তেজ জমা হোৱা ঔষধ আদিও আছে। কলেষ্টেৰল, ইনচুলিন, ডায়েৰিয়া, গেষ্ট্ৰ’, ষ্ট্ৰোক, পক্ষাঘাতৰ বিষনাশক ঔষধৰ উপৰিও মূল্যবৃদ্ধিৰ তালিকাত আছে জ্বৰৰ ঔষধো।

উল্লেখ্য যে কেৱল ঔষধৰ দামেই বৃদ্ধি হোৱা নাই। তেজ পৰীক্ষাকে ধৰি বিভিন্ন হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ সামগ্ৰীৰ দামো বৃদ্ধি পাইছে। বৃদ্ধি পাইছে ক’ৰ’নাৰী ষ্টেণ্টৰ দাম। কাৰণ ষ্টেণ্টকো ঔষধ হিচাপে অনুমোদন দিয়া হৈছে।

খালী ধাতু আৰু ড্ৰাগ এলুটিং ষ্টেণ্ট দুয়োটাৰে মূল্য ১.৭৪ শতাংশ বৃদ্ধি পাইছে। ফলত খালী ধাতুৰ ষ্টেণ্টৰ সৰ্বোচ্চ মূল্য ১০,৬৯৩ টকা আৰু ড্ৰাগ এলুটিং ষ্টেণ্টৰ সৰ্বোচ্চ মূল্য ৩৮,৯৩৩ টকা হোৱাৰ সম্ভাৱনা আছে।

৭৪৮ বিধ ঔষধৰ দাম বৃদ্ধি পোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষই হস্তক্ষেপ কৰিব নোৱাৰিব। যিটো অতি গুৰুত্বপূৰ্ণ বিষয়।