NORTHEAST NOW (Assamese)
দেশ

মোদীৰ শিক্ষানীতিৰ লক্ষ্য হৈছে অপশাসন, সাম্প্ৰদায়িকতা, ক্ষমতাৰ কেন্দ্ৰীকৰণ! দেশৰ শিক্ষাব্যৱস্থাক হত্যা কৰাৰ অভিযোগ ছোনিয়া গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2025 9:06 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ ‘জাতীয় শিক্ষানীতি ২০২০’ক বিভিন্ন দল সংগঠনকে ধৰি সচেতন মহলে তীব্ৰ বিৰোধিতা কৰি আহিছে। এইবাৰ মোদীৰ চৰকাৰৰ ‘জাতীয় শিক্ষানীতি ২০২০ক লৈ সৰব হৈ পৰা দেখা গৈছে  কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী।

তেওঁ ক্ষমতাৰ কেন্দ্ৰীকৰণ, শিক্ষাৰ বেচৰকাৰীকৰণ আৰু সাম্প্ৰদায়িকীকৰণ এই তিনিটাই নতুন  শিক্ষানীতিৰ মূল লক্ষ্য বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁ এই নীতিয়ে দেশৰ শিক্ষাব্যৱস্থাক হত্যা কৰাৰ চেষ্টা কৰিছে আৰু এইটো ৰোধ কৰিব লাগিব বুলি মত প্ৰকাশ কৰে।

কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে  কভিড মহামাৰীৰ সময়ত বিৰোধী দলৰ সৈতে কোনো আলোচনা নকৰাকৈ, কেৱল সঙ্ঘ পৰিয়ালৰ শিক্ষাবিদৰ মতামতৰ ভিত্তিত এই নীতি তৈয়াৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে।

তেওঁ লগতে উল্লেখ কৰে যে ২০১৯ চনৰ ছেপ্টেম্বৰৰ পিছত কেন্দ্ৰীয় শিক্ষা উপদেষ্টা বৰ্ডৰ বৈঠকো আহ্বান কৰা নহল। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় অনুদান আয়োগৰ ২০২৫ৰ নিৰ্দেশিকাত ৰাজ্য চৰকাৰৰ ক্ষমতা কমোৱাৰ অভিযোগ উত্থাপন কৰিছে।