NORTHEAST NOW (Assamese)

মেঘালয়ৰ পূব গাৰো পাহাৰৰ গীৰ্জাৰ নেতাৰ ওচৰত আত্মসমৰ্পণ জি এন এল এ’ৰ আঠগৰাকী সদস্যৰ

March 11, 2018 7:32 pm · এন ই নাও নিউজ
Updated: March 11, 2018 9:15 pm
আত্মসমৰ্পনকাৰী জি এন এল এ’ সদস্য

মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ ৱিলিয়ামনগৰত আজি দেওবাৰে আত্মসমৰ্পণ কৰিছে জি এন এল এ’ (Garo National Liberation Army)ৰ আঠগৰাকী সদস্যই।

সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ চ’হান দি চিৰাক মেঘালয় আৰক্ষীয়ে গুলীয়াই মৰাৰ ১৫ দিনৰ পিছত এই উগ্ৰপন্থীকেইজনে স্থানীয় গীৰ্জাৰ নেতা ৰেৱাৰেণ্ড এচ টি চাংমাৰ ওচৰত আত্মসমৰ্পণ কৰে।

চিৰাক যোৱা ২৪ ফেব্ৰুৱাৰিত মেঘালয় আৰক্ষী কমাণ্ড’ৱে পূব গাৰোপাহাৰত গুলীয়াই মাৰিছিল।

সূত্ৰ অনুসৰি গীৰ্জা নেতাজনে জি এন এল এ’ সদস্যকেইজনক মূলসুঁতিলৈ ঘূৰি অহাৰ ক্ষেত্ৰত সহায় কৰিছে।

আন এগৰাকী জি এন এল এ’ সদস্য চিমাক’না গাঁৱৰ বাপুচ দি চিৰা ওৰফে তাপ্ছ্ৰ’ই (২৫ বছৰীয়া) যোৱা ৫ মাৰ্চত স্থানীয় গীৰ্জা নেতাৰ সহযোগত দক্ষিণ গাৰো পাহাৰ জিলা এব্ৰাহাম টি চাংমাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।

সূত্ৰই দাবী কৰা মতে জি এন এল এ’ৰ সেনাধ্যক্ষগৰাকীৰ মৃত্যুৰ পিছতে সংগঠনটো ভাগি পৰিছে।

Related News