NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয় বিধানসভাৰ উপাধক্ষ্য নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল

Posted by: এন ই নাও নিউজ March 19, 2018 11:13 pm
meghalaya-legislative-assembly

২১ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া মেঘালয় বিধানসভাৰ উপাধক্ষ্য নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী টিমোঠি ডি ছিৰা আৰু বিধায়ক ডেভিদ এ নংৰামে সোমবাৰে নিজৰ মনোনয়ন দাখিল কৰে।

উপাধক্ষ্য পদৰ বাবে শাসনাধিস্থ মেঘালয় ডেমক্ৰেটিক এলায়েঞ্চৰ প্ৰাৰ্থী ছিৰাৰ নাম নেশ্যনেল পিপ’লছ পাৰ্টি চমুকৈ এন পি পিৰ বিধায়ক জিম এম ছাংমাই প্ৰস্তাৱ কৰাৰ বিপৰীতে ৰাকাম এ ছাংমাই উক্ত প্ৰস্তাৱৰ সমৰ্থন আগবঢ়াই। আনহাতে বিৰোধী দল কংগ্ৰেছৰ প্ৰাৰ্থী নংৰামৰ নাম দলটোৰ বিধায়ক ডিকানচি ডি ছিৰা আৰু এইছ এম ছাংলিয়াঙে প্ৰস্তাৱ কৰে।

এন পি পি বিধায়ক টিমোঠিয়ে তৃতীয় বাৰৰ কাৰণে ৰেছুবেলপাৰা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে আনহাতে কংগ্ৰেছ ডেভিদে দ্বিতীয়বাৰৰ বাবে মাউৰিংনেং সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে।

উল্লেখ্য যে এবছৰ কাল থকা (২০০৮-০৯) মেঘালয় প্ৰগ্ৰেছিভ এলায়েঞ্চৰ চৰকাৰৰ দিনত টিমোঠি ডি ছিৰা ৰাজ্যখনৰ উপ মুখ্য মন্ত্ৰী আছিল।

কিছুদিন পূৰ্বে ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ ইউ ডি পিৰ সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী ডংকুপাৰ ৰয় মেঘালয়  বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।