NORTHEAST NOW (Assamese)
অসম

শ্বিলঙত গাড়ীৰ পৰা জাবৰৰ টোপোলা দলিয়াই বুটলিব লগীয়া হ’ল অসমীয়া ভদ্ৰলোকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2019 10:26 pm
শ্বিলঙত গাড়ীৰ পৰা জাবৰৰ টোপোলা দলিয়াই বুটলিব লগীয়া হ’ল অসমীয়া ভদ্ৰলোকে

উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ গ্ৰীষ্ম আৰু শীতকালত অসমৰ পৰা যথেষ্ট সংখ্যক লোকে ফুৰিবলৈ যায়।

যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে শ্বিলঙলৈ ভ্ৰমণৰ বাবে অহা-যোৱা কৰা লোকৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

মেঘালয় ভ্ৰমণলৈ অহা বহু পৰ্যটকে পাহাৰীয়া ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য্যতা আৰু পৰিবেশ ভাৰাসাম্যতাৰ প্ৰতি লক্ষ্য নকৰি য’তে-ত’তে পেলনীয়া সামগ্ৰী পেলাই লেতেৰা কৰা দেখা যায়।

অলপতে এনে এক মানসিকতাৰ পৰিছয় দি অসমৰ পৰা শ্বিলং ভ্ৰমণলৈ যোৱা এগৰাকী ভদ্ৰ লোকে পথৰ কাষলৈ বৰ্জনীয় সামগ্ৰী নিক্ষেপ কৰি স্থানীয় লোকৰ ওচৰত লজ্জিত হ’বলগীয়া পৰিবেশৰ সৃষ্টি হয়।

অসমৰ পৰা শ্বিলং অভিমুখে গৈ থকা ব্যক্তিগৰাকীয়ে ৰাস্তাত কোনো নথকাৰ সুযোগ লৈ নিজৰ ব্যক্তিগত বাহনখনৰ পৰা পথৰ কাষলৈ জাবৰ দলিয়াই দিয়ে।

স্থানীয় লোক ঘটনাটো লক্ষ্য কৰি ভদ্ৰলোকগৰাকীৰ গাড়ীখন ৰখাই তেওঁক পেলাই দিয়া জাবৰখিনি পৰিস্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

ব্যক্তিগৰাকীয়ে নিজে কৰা ভুলৰ বাবে ক্ষমা খোজাৰ লগতে জাবৰ খিনি বুটলি ঠাইখিনি পৰিস্কাৰ কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে, পৰিবেশৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ গৈ এনেদৰে পৰিবেশ বিনষ্ট কৰা কাৰ্য্যৰ বিৰুদ্ধে স্থানীয় ৰাইজ ওলাই অহাটো নিশ্চিতভাৱে এক যোগাত্মক দিশ হিচাপে বিৱেচিত হৈছে।