NORTHEAST NOW (Assamese)
অসম

ডনাৰ মন্ত্ৰ্যালয়ৰ ৪৯টা আঁচনি-প্ৰকল্প : ডিমা হাছাওত ৫০ কোটি টকাৰে স্থাপন হ’ব বাঁহ উদ্যান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2019 10:12 pm
Doner Minister Jitendra Singh

অসমৰ ডিমা হাছাও জিলাৰ মাণ্ডাৰডিছাত ৫০ কোটি টকাৰে স্থাপন কৰা হ’ব বেম্বু ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক। প্ৰায় ৭৫ হেক্টৰ বৰ্গ কিলোমিটাৰত স্থাপন হ’ব লগীয়া এই পাৰ্কৰ বাবে পুঁজি দিব ডনাৰ মন্ত্ৰ্যালয়ে। ২০২১ চনত আঁচনিখনৰ ৰূপায়ণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।

আজি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰ্যালয়টোৰ এখন পৰ্য্যালোচনা সভাত এই কথা ব্যক্ত কৰিছে ডনাৰ মন্ত্ৰ্যালয়ৰ সচিব ড০ ইন্দৰ জিত সিঙে। বৈঠকখনত ডনাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙো উপস্থিত আছিল।

অসমৰ উপৰি অৰুণাচল প্ৰদেশৰ ইটানগৰতো এখন বেম্বু পাৰ্ক স্থাপন কৰা হ’ব, যিখনৰ দায়িত্ব ল’ব উত্তৰ-পূৰ্বাঞ্চল পৰিষদে।

সংবাদ মাধ্যমক জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰৰ ১০০ দিনীয়া একশ্যন প্লেনৰ অধীনত ডনাৰ মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মুঠ ১২৩১.৯৪ কোটি টকা মূল্যৰ ৪৯টা প্ৰকল্প হাতত লৈছে।

NERSDS আৰু NESIDS-ৰ অধীনত মন্ত্ৰ্যালয়টোৱে ৫৮৬.৩ কোটি টকাৰে পথ আৰু আন্তঃগাঁথনিৰ আঠটা প্ৰকল্প হাতত লৈছে। ইয়াৰ ভিতৰত টুৱেনচাংগ্ৰাৰ পৰা এ টি ৰ’ডৰ নাগালেণ্ডৰ ভিতৰলৈ ২৬.৩৩৫ কিলোমিটাৰৰ উন্নয়ন (তিনিখন দলঙকে ধৰি)।

১৩৬.৯৬ কোটি টকাৰে নাগালেণ্ডৰ টেন্নিং-লেকি পথ (৩৭.৫ কিলোমিটাৰ) নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।

৫৯.৭৭ কোটি টকাৰে নাগালেণ্ডৰ মোককচাং জিলাৰ দিখু দলঙৰ পৰা আমগুৰিলৈকে (১৭.১৫৫ কিলোমিটাৰ) নাগালেণ্ড-অসম আন্তঃৰাজ্যিক পথ।

১৮৮.৬১ কোটি টকাৰে টুৱেনচাঙৰ পৰা লংলেঙলৈ নাগালেণ্ডৰ অন্তৰ্গত ৫১.৬০ কিলোমিটাৰ পথৰ উন্নয়ন।

৫৮.০১ কোটি টকাৰে ১৫.৫১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুখৰোহ আমস্পাৰ সংযোগী জিৰকিনডেং পথ (মেঘালয়-অসমৰ আন্তঃৰাজ্যিক পথ)ৰ নিৰ্মাণ।

৪৬.১৪ কোটি টকাৰে লক্ষীপুৰ অভিৰামপাৰা সংযোগী আগুৱা মেধিপাৰা ফুলবাৰী তুৰা পথৰ (১৯ কিলোমিটাৰ) (মেঘালয়-অসমৰ আন্তঃৰাজ্যিক পথ) নিৰ্মাণ।

আমাৰপুৰ (ফটিকসাগৰ)ৰ পৰা চাবিমূৰালৈ থকা আৰু ত্ৰিপুৰাৰ ইক’ টুৰিজম স্প’টলৈকে থকা সংযোগ উন্নয়ন।

ইত্যাদিকে ধৰি অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰাৰ বিভিন্ন পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ ব্যাপক আঁচনি হাতত লোৱা হৈছে।

আজিৰ বৈঠকত উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ সচিব ৰাম মুইবাহ, NERAMAC-ৰ এম ডি পংকজ প্ৰসাদ; CBTC-ৰ এম ডি ড০ শৈলেন্দ্ৰ চৌধুৰী আৰু আন আন শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত আছিল।