NORTHEAST NOW (Assamese)
অসম

নৰ্থ ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ : কৃষ্ণাইৰ ‘স্বয়ম্ভূ বন বিষয়া’ক চৰকাৰী বাসগৃহৰ পৰা খেদি আৰম্ভ কৰিলে তদন্ত

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা July 27, 2019 6:54 am
IMG-20190725-WA0013-750x375

২৬ জুলাই, শুকুৰবাৰে ‘নৰ্থ ইষ্ট নাও’ত  প্ৰকাশ পোৱা ‘’চৰকাৰী বন্দুক হাতত লৈ চোৰাং বেপাৰীয়ে চলাইছে বন বিভাগ’’ শীৰ্ষক বাতৰিটোৱে জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

ইতিমধ্যে জিলা বন বিষয়াৰ নিৰ্দেশত দুগৰাকী এ চি এফ আৰু বন সংৰক্ষক বিষয়াৰ নেতৃত্বত কৃষ্ণাই আঞ্চলিক মধ্যাঞ্চল বন কাৰ্যালয়ত উপস্থিত হৈ ‘স্বয়ম্ভূ বন বিষয়া’ মহিবুল ওৰফে পিছলাই অবৈধভাৱে দখল কৰা চৰকাৰী বাসগৃহটোত তালাচী চলাই প্ৰায় কুৰি হাজাৰ টকা মূল্যৰ চেগুণ আৰু গমাৰীৰ তক্তা উদ্ধাৰ কৰে আৰু পাছত তক্তাখিনি জব্দ কৰে।

জানিব পৰা মতে, লগে লগে ‘স্বয়ম্ভূ বন বিষয়া’জনক চৰকাৰী বাসগৃহৰ পৰা খেদি দিয়া হয়। ইপিনে কৃষ্ণাই বন বিষয়া জুলফিকাৰ আহমেদে এজন চোৰাং ব্যৱসায়ীক চৰকাৰী  বাসগৃহ-বন্দুক দি সশস্ত্ৰ বনৰক্ষী বনোৱা ঘটনাটোৰ এক তদন্ত ঘোষণা কৰে।

ইতিমধ্যে প্ৰাথমিক তদন্তৰ কাম আৰম্ভ কৰা হৈছে। বৰ্তমান কৃষ্ণাই বন বিষয়া আলমে ছুটীত আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বন বিষয়া জুলফিকৰ আহমেদে সৃষ্টি কৰা স্বয়ম্ভু বন বিষয়া মহিবুল ওৰফে পিছলাৰ নিৰ্দেশতে কৃষ্ণাইৰ বন কৰ্মী সকল চলি থকাৰ অভিযোগ উঠিছিল।

তদুপৰি, বৰপেটাৰ বাঘবৰৰ পৰা চোৰাং ব্যৱসায় কৰাৰ উদ্দেশ্যেৰে কৃষ্ণাইত থিতাপি লোৱা মহিবুলে নিগাজিকৈ কৃষ্ণাই বন বিভাগৰ চৰকাৰী আৱাস গৃহও দখল কৰি লৈছিল।

চৰকাৰী আৱাস গৃহত থকাৰ উপৰি আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ’ল মহিবুলে বন কৰ্মীৰ পোছাক পৰিধান কৰি হাতত অস্ত্ৰ লৈ দায়িত্বও পালন কৰিছিল।

এজন সাধাৰণ চোৰাং ব্যৱসায়ীক কিয় এনে ধৰণৰ চৰকাৰী সুবিধা প্ৰদান কৰিছে তাক লৈ কৃষ্ণাই তথা সমগ্ৰ গোৱালপাৰা জিলাতে ব্যাপক চৰ্চা চলিছিল।

আনহাতে, বন বিষয়া জুলফিকাৰ আহমেদে এইগৰাকী স্বয়ম্ভু বন বিষয়াৰ জৰিয়তে বিভাগটোত ব্যাপক অনিয়ম সংঘটিত কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল।

স্থানীয় ৰাইজে অসাংবিধানিকভাবে এজন চোৰাং ব্যৱসায়ীক চৰকাৰী পোছাক আৰু চৰকাৰী অস্ত্ৰ তুলি দি ভুৱা বনৰক্ষী সজোৱা ঘটনাৰ এক উচিত তদন্ত কৰি দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী তুলিছিল।