NORTHEAST NOW (Assamese)
অসম

নাৰায়ণা হেলথৰ উদ্যোগত গুৱাহাটীত আজি যকৃৎ সংৰোপন শিবিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 27, 2019 7:06 am
Banner_NH_Mobile_Guwahti

নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পাতালৰ মহানগৰ ক্লিনিকৰ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীত অনুষ্ঠিত কৰা হ’ব এটা যকৃত সংৰোপন শিবিৰৰ।

এই শিবিৰত উপস্থিত থাকিব কলকাতাৰ বৰীন্দ্ৰ নাথ ঠাকুৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ কাৰ্ডিয়ক ছায়েন্সৰ লিভাৰ ট্ৰান্সপ্লাণ্ট আৰু ছাৰ্জিকেল গেষ্ট্ৰ’এণ্টাৰ’লজী বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ৰাহুল ৰয়।

উল্লেখযোগ্য যে, নাৰায়ণা হেলথৰ উদ্যোগত অসম তথা উত্তৰ পূবত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অতি জটিল অস্ত্ৰোপচাৰ সংক্ৰান্তীয় শিবিৰৰ আয়োজন কৰা হৈছে।

কালি এই শিবিৰ অনুষ্ঠিত হ’ব উলুবাৰীৰ কাছাৰীবস্তিস্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পাতালৰ ক্লিনিকত।

দিনৰ ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ চলিব এই ক্লিনিক। ৰাজ্যত ক্ৰমবৰ্ধমান যকৃৎ ৰোগীৰ পৰিসংখ্যাৰ দিশলৈ লক্ষ্য কৰিলে বৰ্তমান সময়ছোৱাত এনেধৰণৰ শিবিৰে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।