মিজোৰামত ১৭ গৰাকী বি এছ এফৰ জোৱান কোভিড-১৯ প’জিটিভ

মিজোৰামত দেওবাৰে সোতৰ গৰাকী বি এছ এফৰ জোৱানকে ধৰি মুঠ ৪৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।
ইয়াৰ ফলত মিজোৰামত ক’ৰ’না আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৬০৮ গৰাকীলৈ বৃদ্ধি পালে।
ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনোৱা মতে, দেওবাৰে মিজোৰামত ক’ৰ’না আক্ৰান্ত হোৱা ৪৩ গৰাকী লোকৰ ভিতৰত এগৰাকী চিকিৎসা বিষয়া, দুগৰাকী আৰক্ষী বিষয়া আৰু ১৮ গৰাকী ট্ৰাক ড্ৰাইভাৰো আছে।
আনহাতে, পাঁচ বছৰীয়া আৰু সাত বছৰীয়া দুগৰাকী শিশুৰ দেহটো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।
আনহাতে, উত্তৰপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা উভতি অহাৰ পাছত দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা বি এছ এফৰ জোৱান কেইগৰাকীক বৰ্তমান কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছে।
তদুপৰি, অসম আৰু ৰাজস্থানৰ পৰা যোৱা ট্ৰাক চালক আৰু সহায়ক কেইগৰাকীকো বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, মিজোৰামত বৰ্তমান ৩১২ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে ২৯৬ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।