NORTHEAST NOW (Assamese)
অসম

পালবাহিনীৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান এ চি এছ বিষয়া অভিশিখা বৰুৱাৰ

Posted by: এন ই নাও নিউজ March 13, 2018 9:43 am
ACS-570x320

অসম লোকসেৱা আয়োগত ৰাকেশ পাল বাহিনীয়ে কেনেদৰে চাকৰিৰ বজাৰ মেলিছিল সেয়া সোমবাৰে আদালতত প্ৰকাশ কৰে সেইখন বজাৰৰ পৰাই চাকৰি ক্ৰয় কৰা এগৰাকী ৰাজপত্ৰিত বিষয়াই।

লক্ষণীয় যে সোমবাৰে ৰাকেশ পাল বাহিনীৰ সকলো কু-কীৰ্তিৰ কথা আদালতত ফাদিল কৰে মহিলা এ চি এছ বিষয়া অভিশিখা বৰুৱাই। সম্প্ৰতি নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত অভিশিখা বৰুৱাই সোমবাৰে আদালতত দণ্ডাধীশৰ সন্মুখত সাক্ষ্য প্ৰদান কৰে। দণ্ডাধীশৰ সন্মুখত তেওঁ নিজেও ৰাকেশ পালৰ পৰা চাকৰি ক্ৰয় কৰা বুলি অকপটে স্বীকাৰ কৰে।

এই ৰাজপত্ৰিত বিষয়াগৰাকীক অনুসৰণ কৰিয়েই তথা গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ এতিয়া আগবাঢ়ি আহিছে আন ৫ জন ৰাজপত্ৰিত বিষয়াও।

উল্লেখ্য যে এ চি এছ বিষয়া অভিশিখা বৰুৱাই গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত হৈ পৰাত আয়োগৰ চাকৰি কেলেংকাৰিৰ ৰাজসাক্ষী হ’বলৈ ইচ্ছা প্ৰকাশ কৰি ফেব্ৰুৱাৰি মাহত ৰাজ্যৰ বিশেষ আদালতত অগ্ৰিম আৱেদন কৰিছিল। আৰু তেওঁৰ এই আৱেদন আদালতে মঞ্জুৰ কৰিছিল।

লক্ষণীয় যে অভিশিখা বৰুৱা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলোৱা শৰীৰ চৰ্চাবিদ বিজিত গগৈৰ পত্নী।

ইফালে অন্য পাঁচগৰাকী বিষয়াও অভিশিখা বৰুৱাৰ দৰে গোচৰটোত ৰাজসাক্ষী হোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰি আৱেদন কৰিছে।

প্ৰণিধানযোগ্য যে এই আটাইকেইজন বিষয়া এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই।